চিটাৰা ডেস্ক, 7 এপ্ৰিল: প্ৰয়াত অভিনেতা সুশান্ত সিং ৰাজপুতৰ মৃত্যুৰ ঘটনাৰ ওপৰত ছবি নিৰ্মান কৰাৰ সম্ভাৱনা চিত্ৰ নিৰ্মাতা ৰাম গোপাল বাৰ্মাই ৷ ৰাম গোপাল বাৰ্মা সত্য ঘটনাৰ ওপৰত আধাৰিত ছবি নিৰ্মানৰ বাবে বলিউডত জনপ্ৰিয় ৷
সুশান্তৰ মৃত্যুৰ পিছতে ছবি নিৰ্মাতা গৰাকীয়ে অভিনেতা গৰাকীৰ জীৱনৰ ওপৰত ছবি নিৰ্মানৰ কথা চিন্তা কৰিছিল ৷
সূত্ৰই প্ৰকাশ কৰা অনুসৰি, এখন আগশাৰীৰ বাতৰি কাকতৰ সৈতে হোৱা এক সাক্ষাৎকাৰত ৰাম গোপাল বৰ্মাক শোধা হৈছিল যে, চিবিআইৰ অনুসন্ধানত পোহৰলৈ অহা বলিউডত চলি থকা অবৈধ ড্ৰাগছৰ ঘটনা, ৰাজনৈতিক শক্তি প্ৰদৰ্শন আদি বিভিন্ন স্পৰ্শকাতৰ বিষয়ে তেওঁক কৌতুহলী কৰি তুলিছে নেকি? ইয়াৰ উত্তৰত বাৰ্মাই কৈছিল যে, ‘কিছু পৰিমাণে কৰিছে কিন্তু কিছু পৰিমাণে কৰা নাই ৷ মোৰ পক্ষে বহুখিনিয়ে বাছি লোৱা উচিত, মই ভাৱো যে ময়ো ইয়াক গ্ৰহণ কৰিব পাৰো ৷’
লগতে পঢ়ক-ৰণধীৰ কাপুৰে ভুলতে শ্বেয়াৰ কৰিছিল নেকি কৰীণাৰ পুত্ৰৰ ফটো ?