চিটাৰা ডেস্ক,১৮ মাৰ্চ: আগন্তুক এক্সন-এডভেঞ্চাৰ ছবি 'ৰাম সেঁতু'ৰ মহুৰতৰ বাবে বৃহস্পতিবাৰে অযোধ্যালৈ ৰাওনা হৈছে বলীউডৰ ছুপাৰষ্টাৰ অক্ষয় কুমাৰৰ লগতে জেকুলিন ফাৰ্ণাণ্ডেজ আৰু নুছৰট ভাৰুছা । ছবিখন নিৰ্দেশনা কৰিছে 'পৰমাণু' আৰু 'তেৰে বিন লাডেন' ছবিৰ নিৰ্দেশক অভিষেক শৰ্মাই ।
আনহাতে, কুমাৰ্ছ কেপ গুড ফিল্মছ, অবুন্দাণ্টিয়া এণ্টাৰটেইনমেণ্ট, লাইকা প্ৰডাকছন আৰু এমাজন প্ৰাইম ভিডিঅ'ৰ দ্বাৰা প্ৰযোজিত ছবিখনত এগৰাকী পুৰাতত্ববিদৰ চৰিত্ৰ ৰূপায়ণ কৰিব অক্ষয় কুমাৰে । ইনষ্টাগ্ৰামযোগে সহ-অভিনেত্ৰীৰ সৈতে ফটো শ্বেয়াৰ কৰিছে ৫৩ বছৰীয়া অভিনেতাগৰাকীয়ে ।
লগতে অনুৰাগীৰ পৰা শুভেচ্ছা কামনা কৰে । উল্লেখ্য যে, ছবি নিৰ্মাতা চন্দ্ৰ প্ৰকাশ দ্বিৱেদীৰ 'পৃথ্বিৰাজ' ছবিত দেখিবলৈ পোৱা যাব অক্ষয়ক । শীঘ্ৰেই ছবিখনৰ দৃশ্যগ্ৰহণ আৰম্ভ হ'ব আৰু ছবিখনৰ ৮০ শতাংশ দৃশ্যগ্ৰহণ মুম্বাইতে সম্পন্ন হ'ব ।
লগতে পঢ়ক: 'চেহৰে' ছবিৰ পৰা আঁতৰ কৰা হৈছে নেকি ৰিয়া চক্ৰৱৰ্তীক !