চিটাৰা ডেস্ক, 16 নৱেম্বৰ : সোমবাৰে বিবাহপাশত আৱদ্ধ হ’ল বলীউড অভিনেতা ৰাজকুমাৰ ৰাও(Rajkummar Rao) আৰু পত্ৰলেখা(Patralekaa) ৷ এক অন্তৰংগ বিবাহ অনুষ্ঠানেৰে যুগ্ম জীৱনৰ আৰম্ভণি কৰা ৰাজকুমাৰ-পত্ৰলেখাই ছ’চিয়েল মিডিয়াযোগে বিবাহৰ ফটো শ্বেয়াৰ কৰিছে ৷ ৰঙা লেহেংগা আৰু দুপাত্তাৰে পত্ৰলেখাৰ লুকটো অতিকৈ আকৰ্ষণীয় আছিল ৷
নিজ নিজ ইনষ্টাগ্ৰামযোগে বিবাহৰ ফটো শ্বেয়াৰ কৰে নৱ দম্পতীটোৱে ৷ বিবাহৰ ফটোৱে ইতিমধ্যে ছ’চিয়েল মিডিয়াত ব্যাপক চৰ্চা লাভ কৰিছে ৷ ফটো শ্বেয়াৰ কৰি ৰাজকুমাৰ ৰাওে লিখিছে, ‘‘11 বছৰীয়া বন্ধুত্ব, ৰোমাঞ্চ আৰু ভালপোৱা অন্তত আজি আমি বিবাহপাশত আৱদ্ধ হ’লো । তেওঁ মোৰ আত্মা, মোৰ আটাইতকৈ ভাল বন্ধু আৰু মোৰ পৰিয়াল’’ ।
- " class="align-text-top noRightClick twitterSection" data="
">
চেলিব্ৰিটি ফেশ্বন ডিজাইনাৰসকলৰ দ্বাৰা ডিজাইন কৰা ৰঙা ওৰণিখনে পত্ৰলেখাক বঙালী কইনাৰূপত সজাই তুলিছে ৷ ৰাজকুমাৰ আৰু পত্ৰলেখাই এটাই আনটোৰ ওচৰত যেন সমৰ্পিত, ‘‘মোৰ হিয়াভৰা ভালপোৱা তোমালৈ অৰ্পণ কৰিলো’’৷ ফটো শ্বেয়াৰ কৰি পত্ৰলেখাই লিখিছে, ‘‘আজি মই মোৰ বন্ধু, প্ৰেমিক, আত্মাৰ সৈতে বিবাহৰ বন্ধনত বান্ধ খালো ৷ বিগত 11 বছৰৰ পৰা আমি এই সম্পৰ্ক বজাই ৰাখি আহিছো ৷ তেওঁৰ পত্নী হ’বলৈ পোৱাতকৈ আন একো সুখ ডাঙৰ নহয়’’ ৷
নৱ দম্পতীটোৱে শ্বেয়াৰ কৰা ফটোত দুয়োকে এটাক আনটোৰ ফালে চাই আনন্দ উপভোগ কৰা পৰিলক্ষিত হৈছে ৷ ৰাজকুমাৰ-পত্ৰলেখাৰ 11 বছৰীয়া ভালপোৱাই অৱশেষত পূৰ্ণতা লাভ কৰিলে ৷
লগতে পঢ়ক : ৰাঘৱ জুয়ালৰ বিৰুদ্ধে বৰ্ণবৈষম্যৰ অভিযোগ : ড৹ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিক্ৰিয়া