চিটাৰা ডেস্ক,6 আগষ্টঃ অভিনেত্ৰী ৰাধিকা আপ্তৰে মতে তেওঁ একো সুবিধাজনক বস্তুৰ মাজত আৱদ্ধ হৈ থাকিব নিবিচাৰে আৰু না তেওঁ সন্তুষ্ট হ'ব বিচাৰে আৰু লগতে তেওঁ কেতিয়াও প্ৰসিদ্ধিৰ পাছত দৌৰ নামাৰে ৷
অভিনেত্ৰী গৰাকীৰ মতে," মই ইয়াত প্ৰসিদ্ধিৰ বাবে নাই, কেতিয়াবা কেতিয়াবা সুবিধাসমূহ পচন্দ কৰো কিন্তু সফলতা বা বিফলতাক মই গম্ভীৰ বাবে নলও ৷ "
তেওঁ লগতে কয়," কাৰণ এইবোৰ অস্থায়ী হয় ৷ অৱশ্যে আপুনি ইয়াক গম্ভীৰভাৱে ল'ব নোৱাৰে কিন্তু আপুনি একেবাৰে ইয়াক নেদেখাৰ ভাও ধৰিব নোৱাৰে ৷ আপোনাৰ যাত্ৰাৰ ই গুৰুত্বপূৰ্ণ স্বৰূপ, আপোনাক প্ৰশংসাৰ আৱশ্যকতা আছে ৷ আপুনি নিজৰ পিঠিত নিজে থপ থপাব লাগিব, পচন্দ কৰিব লাগিব আৰু নিজৰ অসফলতাৰ পৰা শিকিব লাগিব ৷ নিৰাশ হ'ব নালাগিব ৷ মই এক সন্তুলিত দৃষ্টিৰ সৈতে চলি আছো ৷"
উল্লেখ্য যে, অভিনেত্ৰী ৰাধিকা আপ্তে 2005 চনত ৱাহ! লাইফ হ' তহ এইচি ছবিৰ জৰিয়তে উদ্যোগটোত প্ৰৱেশ কৰিছিল ৷ আৰু তাৰ পিছত চ'ৰ ইন দ্য চিটী, কবালী, ফৌবিয়া,বদলাপুৰ আৰু অহল্যাৰ দৰে লঘু ছবি কৰিছিল ৷
অভিনেত্ৰী গৰাকীয়ে ফৌবিয়া, বদলাপুৰ, মান্ঝী, লাষ্ট ষ্ট'ৰিজ, চেক্ৰেড গেমছ, পেড মেন আৰু ঘৌলত অভিনয় কৰি প্ৰশংসা বুটলিবলৈ সক্ষম হৈছিল ৷ তেওঁ অভিনয় কৰা চৰিত্ৰ সমূহৰ যোগেদি বলীউডৰ নায়িকাৰ মাজত থকা ৰুঢ়বাদী ধাৰাক তেওঁ নস্যাৎ কৰিবলৈ সক্ষম হৈছে বুলি বহুজনে শ্ৰেয় দিয়ে অভিনেত্ৰী গৰাকীক ৷
লগতে পঢ়কঃ দিশা পাটানীৰ পিতৃ আক্ৰান্ত ক'ভিড-19 ত