ETV Bharat / sitara

হাৰ্বাৰ্ড বিশ্ববিদ্যালয়ৰ বৃত্তি লাভ কৰা সীমাক প্ৰশংসা প্ৰিয়ংকা, নব্যাৰ

হাৰ্বাৰ্ড বিশ্ববিদ্যালয়ৰ বৃত্তি লাভ কৰা ঝাৰখণ্ডৰ সীমা কুমাৰীৰ প্ৰশংসাত পঞ্চমুখ অভিনেত্ৰী প্ৰিয়ংকা চোপ্ৰা আৰু বিগ বিৰ নাতিনী নব্যা নৱেলী নন্দাৰ । ২০২১ বৰ্ষতে স্নাতক ডিগ্ৰী অৰ্জন কৰা সীমা ঝাৰখণ্ডৰ অৰ্মাঞ্জিৰ দাহু নামৰ এখন সৰু গাঁৱৰ বাসিন্দা । দৰিদ্ৰ পৰিয়ালৰ ছোৱালী সীমাৰ এই সাফল্যক টুইটযোগে প্ৰশংসা কৰিছে প্ৰিয়ংকা চোপ্ৰাই ।

author img

By

Published : Apr 24, 2021, 1:29 PM IST

হাৱাৰ্ড বিশ্ববিদ্যালয়ৰ বৃত্তি লাভ কৰা ঝাৰখণ্ডৰ সীমাৰ প্ৰশংসাত পঞ্চমুখ প্ৰিয়ংকা আৰু নৱ্যা

চিটাৰা ডেস্ক,২৪ এপ্ৰিল: শিক্ষাৰ ক্ষেত্ৰত থকা বাধা নেওচি অধ্যৱসায়ৰ বলত হাৰ্বাৰ্ড বিশ্ববিদ্যালয়ৰ বৃত্তি লাভ কৰিবলৈ সক্ষম হৈছে ঝাৰখণ্ডৰ এগৰাকী ছাত্ৰীয়ে । পিতৃ-মাতৃ দৰিদ্ৰ তথা অশিক্ষিত হোৱা স্বত্বেও ঝাৰখণ্ডৰ অৰ্মাঞ্জিৰ দাহু গাঁৱৰ সীমাই সফলতা অৰ্জন কৰিবলৈ সক্ষম হৈছে ।

সীমাৰ পিতৃ-মাতৃয়ে কাৰখানাত কাম কৰি আৰু কৃষিকাৰ্য কৰি জীৱিকা নিৰ্বাহ কৰে । সীমাই আমেৰিকা যুক্তৰাষ্ট্ৰৰ আইভি লীগ বিশ্ববিদ্যালয়ৰ পৰা সম্পূৰ্ণ বৃত্তিৰ প্ৰস্তাৱ লাভ কৰাৰ পিছতে অভিনেত্ৰী প্ৰিয়ংকা চোপ্ৰা আৰু বিগ বিৰ নাতিনী নব্যা নৱেলী নন্দাই শুভেচ্ছা জনোৱাৰ লগতে প্ৰশংসা কৰে ।

প্ৰিয়ংকাই টুইটযোগে প্ৰকাশ কৰে যে, "এজনী ছোৱালীক শিক্ষিত কৰক আৰু তাই পৃথিৱীখন সলনি কৰিব পাৰে" । সীমাৰ সাফল্যক প্ৰেৰণাদায়ক আখ্যা দিয়ে অভিনেত্ৰীগৰাকীয়ে । আনহাতে নব্যা নৱেলী নন্দাই সীমাৰ এখন ফটো শ্বেয়াৰ কৰি "অবিশ্বাস্য" বুলি মন্তব্য কৰে । য়ুৱা ছ'চিয়েল মিডিয়া হেণ্ডেলত শ্বেয়াৰ কৰা এটা পোষ্ট মতে, সীমাই ২০১২ চনত য়ুৱা ফুটবল দলত যোগদান কৰিছিল ।

তেওঁ বাল্য বিবাহৰ বিৰোধিতা কৰাৰ লগতে শিক্ষাৰ অধিকাৰ ৰক্ষাৰ বাবে যুঁজ দি আহিছিল । চুটি পিন্ধাৰ বাবে মানুহে উপহাস কৰা স্বত্বেও সীমাই বছৰ বছৰ ধৰি ফুটবল খেলি আহিছে । বিশ্ববিদ্যালয়ত পঢ়াৰ সুযোগ পোৱা তেওঁৰ পৰিয়ালৰ প্ৰথম গৰাকী মহিলা হ'ব সীমা । দৰিদ্ৰতাৰ বাধাকো নেওচি একাগ্ৰতাৰে অধ্যয়ন কৰা শিক্ষাৰ্থীসকলৰ বাবে আদৰ্শ হৈ পৰিছে ঝাৰখণ্ডৰ সীমা ।

লগতে পঢ়ক: সম্ভাৱনীয় লকডাউনক লৈ কি পৰিকল্পনা উদয় শংকৰৰ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.