ETV Bharat / sitara

Priyanka Chopra opens up on family planning : প্ৰিয়ংকা-নিকে কৰিছে ফেমিলি প্লেনিং

author img

By

Published : Jan 15, 2022, 1:03 PM IST

তিনিটি সদস্যৰে সৰু সুখী পৰিয়ালৰ দিশে আগবাঢ়িছে NickYanka ৷ Family planning সন্দৰ্ভত বৃহৎ ঘোষণা প্ৰিয়ংকাৰ ৷

pcnick
প্ৰিয়ংকা-নিকে কৰিছে ফেমিলি প্লেনিং

চিটাৰা ডেস্ক, 15 জানুৱাৰী : গ্লোবেল ষ্টাৰ প্ৰিয়ংকা চোপ্ৰা আকৌ বাতৰিৰ শিৰোনামত ৷ অলপতে প্ৰিয়ংকাই Vanity Fair আলোচনীখনৰ কাৰণে এটা Bold ফটোশ্বুট কৰে ৷ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনীখনৰ ফ্ৰেব্ৰুৱাৰী সংস্কৰণৰ বেটুপাতত দেখিবলৈ পোৱা যাব প্ৰিয়ংকাক ৷

Vanity Fair আলোচনীখনৰ সৈতে হোৱা এক সাক্ষাৎকাৰত প্ৰিয়ংকাই কয় যে তেওঁৰ আৰু নিকৰ জীৱনত শিশুৰ যথেষ্ট মহত্ব আছে ৷ মাতৃত্ব অৰ্জনৰ ক্ষেত্ৰত সোধা এক প্ৰশ্নৰ উত্তৰত অভিনেত্ৰীগৰাকীয়ে কয় যে নিক আৰু তেওঁৰ ভৱিষ্যত পৰিকল্পনাসমূহৰ ভিতৰত সন্তানৰ প্ৰসংগ সবাতোকৈ গুৰুত্বপূৰ্ণ ৷

সন্তান লাভ কৰাতো ভগৱানৰ আশীৰ্বাদৰ ওপৰত নিৰ্ভৰ বুলি কৈ তেওঁ মাতৃ হ’ব বিচৰাৰ কথা মুকলিকৈ প্ৰকাশ কৰে ৷ সাংবাদিকে সোধা ব্যস্ততাপূৰ্ণ জীৱনৰ কথাত নিক আৰু তেওঁ Practice ৰ কাৰণে অতিমাত্ৰা ব্যস্ত নহয় বুলিও ইংগিত প্ৰদান কৰে ৷

অভিনেত্ৰীগৰাকীয়ে লগতে কয় যে, সন্তানৰ আগমনে তেওঁলোকৰ জীৱনক প্ৰভাৱান্বিত কৰিব ৷ হয়তো Professional ক্ষেত্ৰত দুয়োৰে জীৱনত কিছু বিৰতিৰ প্ৰয়োজন হ’ব ৷ কিন্তু এই কথাই তেওঁলোকৰ জীৱনত বিয়োগাত্মক প্ৰভাৱ নেপেলায় ৷ প্ৰিয়ংকাৰ বলীউডৰ পৰৱৰ্তী ছবি Jee Le Zaraa ত কেটৰিণা আৰু আলিয়াকো দেখিবলৈ পোৱা যাব ৷

লগতে পঢ়ক: আন্তঃৰাষ্ট্ৰীয় আলোচনী Vanity Fair ৰ এইবাৰৰ কভাৰ-গাৰ্ল PC

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.