চিটাৰা ডেক্স,১৮আগষ্টঃ লক্ডাউনৰ সময়চোৱাত পাচলিৰ খেতি কৰি, ঘৰৰ কাম কৰি চৰ্চালৈ আহিছে বহু বলীউড তাৰকা। ইনষ্টাগ্ৰামত সঘনাই শ্বেয়াৰ কৰা পোষ্টে উৎফুল্লিত কৰিছে অনুৰাগীকো । এইবাৰ ঘৰতে খেতি কৰি সতেজ পাচলিৰ সোৱাদ লৈছে মোহময়ী অভিনেত্ৰী প্ৰীতি জিণ্টাই । অভিনেত্ৰী শিল্পা ছেট্টীয়েও ঘৰত খেতি কৰাৰ ফটো আৰু ভিডিঅ' ইনষ্টাগ্ৰাম পোষ্টযোগে অথবা ইউ টিউবৰ জৰিয়তে অনুৰাগীৰ সৈতে শ্বেয়াৰ কৰিছে ।
'ক্য়া কেহনা' ছবিৰ অভিনেত্ৰী প্ৰীতি জিণ্টাই নিজৰ ইনষ্টাগ্ৰাম একাউণ্টত শেহতীয়াকৈ শ্বেয়াৰ কৰা এটা ভিডিঅ'ত তেওঁৰ পাচলি বাগিছাখন দেখুৱাইছে। প্ৰসাধন ব্যৱহাৰ নকৰাকৈ বগা টপৰ সৈতে সাধাৰণ ৰূপত ভিডিঅ'টোত দেখা গৈছে অভিনেত্ৰীগৰাকীক । ভিডিঅ'টোৰ আৰম্ভণিতে প্ৰীটি জিণ্টাই অনুৰাগীসকলক সম্ভাষণ জনাই অতি উৎসাহেৰে নিজৰ পাচলি বাগিছাখন প্ৰদৰ্শন কৰে । সতেজ কেপচিকামেৰে ভৰি আছে অভিনেত্ৰীগৰাকীৰ পাচলি বাগিছাখন । লকডাউনৰ সময়ত আৰম্ভ কৰা বাগিছা খুব ভাল পোৱাৰ লগতে সতেজ পাচলি উৎপাদনৰ অভিজ্ঞতাও লাভ কৰিছে বুলি ব্যক্ত কৰে অভিনেত্ৰীগৰাকীয়ে।
- " class="align-text-top noRightClick twitterSection" data="
">
ঘৰতে পাচলিৰ খেতি কৰিবলৈ উৎসাহ যোগোৱাৰ বাবে অভিনেত্ৰীগৰাকীয়ে নিজৰ মাতৃকো ধন্যবাদ জ্ঞাপন কৰে । এই পোষ্টটো শ্বেয়াৰ কৰাৰ প্ৰথম ৩০ মিনিটত ৩৮ গৰাকী অনুৰাগীয়ে ভিডিঅ'টো চায় । অৱশ্যে আন বলীউড তাৰকাৰ তুলনাত পলমকৈ ছ'চিয়েল মিডিয়াত সক্ৰিয় হোৱা দেখা গৈছে প্ৰীটি জিণ্টাক।