ETV Bharat / sitara

প্ৰভাসৰ ৬ কোটিটকীয়া বাহনক লৈ তোলপাৰ ছ'চিয়েল মিডিয়া

author img

By

Published : Mar 29, 2021, 12:42 PM IST

বিভিন্ন বিলাসী বাহন ক্ৰয়ৰ ক্ষেত্ৰত দক্ষিণ ভাৰতৰ ছবিজগতৰ তাৰকাসকলৰ ভিতৰত বাহুবলী খ্যাত অভিনেতা প্ৰভাস অন্যতম । শেহতীয়াকৈ ৬ কোটিটকীয়া এখন বিলাসী বাহন ক্ৰয় কৰাক লৈ ছ'চিয়েল মিডিয়াত চৰ্চিত হৈ পৰিছে অভিনেতা গৰাকী ।

৬ কোটি টকীয়া বিলাসী বাহন ক্ৰয় কৰিছে অভিনেতা প্ৰভাসে

চিটাৰা ডেস্ক,২৯ মাৰ্চ: পুনৰ দক্ষিণ ভাৰতীয় অভিনেতা প্ৰভাসৰ ঘৰলৈ আহিল এখন নতুন বিলাসী বাহন । শেহতীয়াকৈ অভিনেতাগৰাকীয়ে ক্ৰয় কৰিছে ৬ কোটি টকা মূল্যৰ এখন লেম্বৰগিনি এভেণ্টেডৰ এছ ৰোডষ্টাৰ ।

ছ'চিয়েল মিডিয়াত ভাইৰেল হৈছে প্ৰভাসে গাড়ীখন চলাই থকাৰ ফটো আৰু ভিডিঅ' । অভিনেতাগৰাকীয়ে ইতিমধ্যে বি এম ডব্লিউ ৫২০ ডি, ইন'ভা খৃষ্টা, জাগুৱাৰ এক্স জে এল আৰু ৰেঞ্জ ৰ'ভাৰ ভ'গ ক্ৰয় কৰি বিলাসী গাড়ী ক্ৰয়ৰ প্ৰতি আকৰ্ষণ থকাৰ আভাস দিছিল ।

তথাপিও এতিয়ালৈকে ক্ৰয় কৰা বিলাসী বাহনসমূহৰ ভিতৰত লেম্বৰগিনি এভেণ্টেডৰ এছ ৰোডষ্টাৰ হৈছে আটাইতকৈ বেছি দামী বাহন । কমলা ৰঙৰ এই বাহনখনত স্প’ৰ্টছ কাৰৰ সকলো সুবিধা আছে । ছ'চিয়েল মিডিয়াত ভাইৰেল হোৱা ভিডিঅ'টোত নিশাৰ ৰাজপথত প্ৰভাসে বাহনখন চলাই দেখা গৈছে ৷

আনহাতে, প্ৰভাস বৰ্তমান আগন্তুক ছবি 'আদিপুৰুষ'ৰ কামত ব্যস্ত হৈ আছে । অভিনেতাজনক ৰোমাণ্টিক ছবি ৰাধেশ্যামতো দেখা পোৱা যাব ৷ এই ছবিখন তেলেগু, তামিল, হিন্দী, কানাড়া আৰু মালায়ালম ভাষাত মুক্তি লাভ কৰিব ।

লগতে পঢ়ক: ফিল্মফেয়াৰ বঁটাৰ শীৰ্ষত ইৰফান-তাপচী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.