ETV Bharat / sitara

অস্কাৰৰ মনোনয়ন: অষ্ট্ৰেলিয়াৰ সাংবাদিকৰ প্ৰশ্নৰ উত্তৰ দিলে প্ৰিয়ংকাই - পিটাৰ ফৰ্ডে

অৱশেষত অষ্ট্ৰেলিয়াৰ সাংবাদিক পিটাৰ ফ’ৰ্ডে উত্থাপন কৰা প্ৰশ্ন সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে অভিনেত্ৰী তথা প্ৰযোজক প্ৰিয়ংকা চোপ্ৰাই । ছবি জগতলৈ আগবঢ়োৱা অৱদানৰ দিশৰ পৰা প্ৰিয়ংকা চোপ্ৰা আৰু নিক জ'নাছ অস্কাৰৰ বঁটাৰ মনোনয়ন ঘোষণা কৰাৰ বাবে যোগ্য নেকি বুলি প্ৰশ্ন উত্থাপন কৰিছিল সাংবাদিক গৰাকীয়ে ।

সাংবাদিক পিটাৰ ফৰ্ডে উত্থাপন কৰা প্ৰশ্ন সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ প্ৰিয়ংকাৰ

author img

By

Published : Mar 17, 2021, 3:08 PM IST

চিটাৰা ডেস্ক,১৭ মাৰ্চ: প্ৰিয়ংকা চোপ্ৰা জ'নাছ আৰু নিক জ'নাছে শেহতীয়াকৈ ৯৩ সংখ্যক অকাডেমী বঁটাৰ বাবে মনোনয়ন ঘোষণা কৰাৰ পিছতে তেওঁলোকৰ যোগ্যতাক লৈ প্ৰশ্ন উত্থাপন কৰিছিল অষ্ট্ৰেলিয়াৰ মনোৰঞ্জনধৰ্মী বাতৰিৰ সাংবাদিক পিটাৰ ফ’ৰ্ডে । 'অষ্ট্ৰেলিয়া এণ্ড এন জেড'ৰ সাংবাদিকগৰাকীয়ে টুইটযোগে প্ৰশ্ন কৰিছিল যে, প্ৰিয়ংকা আৰু নিক অস্কাৰৰ বঁটাৰ মনোনয়ন ঘোষণা কৰাৰ বাবে যোগ্য নেকি ।

লগতে দম্পতীটোৱে ছবিজগতলৈ আগবঢ়োৱা অৱদান সন্দৰ্ভতো প্ৰশ্নৰ অৱতাৰণা কৰে সাংবাদিকগৰাকীয়ে । এই প্ৰশ্নৰ জৰিয়তে দম্পতীটোৰ প্ৰতি সন্মান হানি কৰাৰ উদ্দেশ্য নাই বুলিও তেওঁ টুইটটোত লিখিছে । অৱশ্যে, পিচত পিটাৰে এই টুইটটো আঁতৰাই পেলায় । সাংবাদিকগৰাকীৰ এই প্ৰশ্নক লৈ নিকে কোনো প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাই যদিও প্ৰিয়ংকাই ইয়াৰ প্ৰত্যু্ত্তৰ দিয়ে ।

প্ৰিয়ংকাই টুইটযোগে কয় যে, "কোনো লোকক কি কামে যোগ্য কৰে সেই বিষয়ত আপুনি চিন্তা কৰিলে ভাল পাম । আপোনাৰ বিবেচনাৰ বাবে কওঁ যে, ৬০ খনৰো অধিক ছবিত মই অভিনয় কৰিছো" । প্ৰিয়ংকাই আনকি এটা ভিডিঅ' ৰেকৰ্ডিং শ্বেয়াৰ কৰে । ইফালে, প্ৰিয়ংকাৰ 'দ্য হোৱাইট টাইগাৰ' অস্কাৰৰ বাবে মনোনীত হৈছে । লেখক-পৰিচালক ৰামিন বহৰাণিয়ে শ্ৰেষ্ঠ অভিযোজন চিত্ৰনাট্যৰ বাবে বি এ এফ টি এৰ আৰু অস্কাৰৰ মনোনয়ন লাভ কৰিছে ।

লগতে পঢ়ক: প্ৰেমিক সুৰজ নাম্বিয়াৰৰ সৈতে বিয়াত বহিবলৈ সাজু মৌনী ৰয়

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.