ETV Bharat / sitara

'ছোৰি'ৰ দৃশ্যগ্ৰহণত কান্দোনত ভাঙি পৰিল নুচৰত ভাৰুছা - ভোতিকধৰ্মী ছবিত দেখা পোৱা যাব নুচৰতক

মোহময়ী অভিনেত্ৰী নুচৰত ভাৰুছাক দেখিবলৈ পোৱা যাব এখন ভৌতিকধৰ্মী ছবিত ৷ 'ছোৰি' নামৰ ছবিৰ দৃশ্যগ্ৰহণৰ সময়ত আৱেগিক হৈ কান্দোনত ভাঙি পৰে নুচৰত ৷

'ছোৰি'ৰ দৃশ্যগ্ৰহণ
মোহময়ী অভিনেত্ৰী নুচৰত ভাৰুছা
author img

By

Published : Dec 18, 2020, 2:22 PM IST

ছিটাৰা ডেস্ক, 18 ডিচেম্বৰ : 'প্যাৰ কা পঞ্চনামা' আৰু 'ছনু কে টিটু কী চুইটী'ৰ দৰে ৰোমান্টিত কমেডীৰ বাবে জনাজাত নুচৰত ভাৰুছাক দেখিবলৈ পোৱা যাব এখন ভৌতিকধৰ্মী ছবিত ৷ 'ছোৰি' নামৰ ছবিখনৰ কাহিনীৰ সৈতে তেওঁ এনেদৰে সাঙুৰ খাই পৰিল যে এক আৱেগিক দৃশ্যৰ দৃশ্যগ্ৰহণ কৰি থাকোতে তেওঁ কান্দোনত ভাঙি পৰে ৷

বিশাল ফুৰিয়াৰ প্ৰযোজনাত ছোৰি নামৰ বোলছবিখনে এক সামাজিক বাৰ্তা প্ৰেৰণ কৰিব ৷ যোৱা মাহৰ শেষৰফালে নুচৰতে মধ্য প্ৰদেশৰ পিপাৰিয়াত এই ছবিৰ দৃশ্যগ্ৰহণ আৰম্ভ কৰিছিল ৷ ৰাজ্যখনতে ডিচেম্বৰ পৰ্যন্ত ছবিখনৰ কলা-কুশলীয়ে দৃশ্যগ্ৰহণ কৰি থাকিব ৷ আনহাতে, ছবিখনৰ চূড়ান্ত দৃশ্যগ্ৰহণ মুম্বাইত হ'ব ৷

ছোৰি হৈছে 2017 চনৰ হিট মাৰাঠী ছবি 'লাপাচাপ্পী'ৰ ৰিমেক ৷ এই ছবিখনৰ মুখ্য চৰিত্ৰ হৈছে এগৰাকী সন্তানসম্ভৱা মহিলা ৷ এই চৰিত্ৰত অভিনয় কৰিছে নুচৰতে ৷ এক দৃশ্যাংশৰ সৈতে অভিনেত্ৰীগৰাকী ইমানেই সোমাই পৰিল যে তেওঁ কান্দোনত ভাগি পৰে ৷

দৃশ্যগ্ৰহণৰ অভিজ্ঞতা সম্পৰ্কত নুচৰতে কয়, "কালি মই শ্বুটিঙতে কান্দোনত ভাঙি পৰিলো ৷ প্ৰযোজকে কাট বুলি কোৱাৰ লগে লগে মই কান্দোনত ভাঙি পৰাত তেওঁ আচৰিত হৈ মোৰ ওচৰলৈ দৌৰি আহিল ৷ মই বুজি নাপালো সেয়া যোৱা কিছু মাহৰ কষ্টৰ বাবে নে আৱেগিক হৈ কৰিলো ৷ কিন্তু মোৰ কান্দোন বন্ধ নহ'ল ৷"

ছোৰিৰ উপৰি নুচৰতক 'জনহিত মে জাৰি' নামৰ এক বোলছবিত দেখা পোৱা যাব ৷

লগতে পঢ়ক : বৰুণ-নতাশাৰ অপ্ৰকাশ্য প্ৰেমৰ সম্পৰ্ক

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.