ETV Bharat / sitara

শক্তিশালী মানুহে কেতিয়াও ভয় নাখায়ঃকংগনা ৰাণাৱত

author img

By

Published : Jan 10, 2020, 6:53 PM IST

বলীউডৰ এগৰাকী স্পষ্টবাদী অভিনেত্ৰী ,কংগনা ৰাণাৱত ৷ কাৰোবাৰ লগত 'পাংগা' লোৱাৰ আগত কেতিয়াও চিন্তা নকৰে অভিনেত্ৰীগৰাকীয়ে ৷ নিজকে এগৰাকী দাবাংগ হিচাপে পৰিচয় দি ভালপোৱা অভিনেত্ৰীগৰাকীয়ে কিন্তু নিজকে যথেষ্ট ভক্তিপৰায়ণ স্বভাৱৰ বুলিও চিনাকী দিব বিচাৰে ৷

Kangana ranaut
কংগনা ৰাণাৱত

চিটাৰা ডেস্ক,10 জানুৱাৰীঃ অভিনেত্ৰী কংগনা ৰাণাৱতে কাৰোৰে লগত 'পাংগা' ল'বলৈ চিন্তা নকৰে ৷ শুকুৰবাৰে অভিনেত্ৰীগৰাকীয়ে কয় , "শক্তিশালী মানুহে কেতিয়াও ভয় নাখায় ৷ নিজৰ অধিকাৰৰ বাবে প্ৰত্যাহ্বানৰ সমুখীন হোৱাটো শক্তিশালী মানুহৰ স্বাভাৱিক প্ৰবৃত্তি ৷ "

"মই কেতিয়াও নিজৰ অধিকাৰক লৈ যুঁজ দিবৰ বাবে ভয়ভীত হোৱা নাই ৷ মোৰ এইয়া স্বাভাৱিক প্ৰবৃত্তি ৷ " নিজকে এগৰাকী শক্তিশালী ব্যক্তি বুলি পৰিচয় দি , কংগনাই কয় , "সততাৰে কওঁ, মোৰ স্বভাৱ যদিও অলপ দমিনেটিং ধৰণৰ হয় , কিন্তু মই যথেষ্ট ভক্তিপৰায়ণ স্বভাৱৰো ৷"

'EDU 2020 'নামৰ এক অনুষ্ঠানত এনেধৰণৰ নিজৰ বিষয়ে পৰিচয় দিয়ে অভিনেত্ৰীগৰাকীয়ে ৷

কামৰ কথালৈ গ'লে , কংগনাক আগন্তুক দিনত দেখিবলৈ পাব অশ্বিনী আয়াৰ তিৱাৰীৰ ছবি 'পাংগা'ত ৷ ছবিখনত কংগনাই অভিনয় কৰিছে কাবাডী খেলুৱৈ জয়া নিগমৰ চৰিত্ৰত ৷ অহা 24 জানুৱাৰী তাৰিখে মু্ক্তি পাব কংগনা ৰাণাৱতৰ আহিবলগীয়া ছবি 'পাংগা' ৷

লগতে পঢ়কঃকৰীণাৰ পুত্ৰ টাইমূৰৰ পালনদাত্ৰীৰ এমাহৰ দৰমহা 1 লাখ 50 হাজাৰ টকা !

Intro:Body:

KANGANA PANGA

Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.