চিটাৰা ডেস্ক,1 এপ্ৰিলঃ বলীউড ডিভা মাধুৰী দীক্ষিতে বুধবাৰে ঘোষণা কৰে যে, তেওঁ আৰু তেওঁৰ স্বামী শ্ৰী ৰাম মাধৱ নেনে কভিড-19ৰ সৈতে মোকাবিলা কৰিবলৈ প্ৰধানমন্ত্ৰীৰ সাহাৰ্য পুঁজি আৰু মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰীৰ সাহাৰ্য পুঁজিলৈ অনুদান আগবঢ়াব ৷
52 বছৰীয়া অভিনেত্ৰী গৰাকীয়ে ইনষ্টাগ্ৰাম যোগে এই কথা ঘোষণা কৰাৰ লগতে তেওঁৰ অনুৰাগীসকলকো এই যুদ্ধখনত চৰকাৰক সহায় কৰিবলৈ অনুৰোধ কৰে ৷
- " class="align-text-top noRightClick twitterSection" data="
">
মাধুৰী দীক্ষিতৰ উপৰিও অক্ষয় কুমাৰ, বৰুণ ধাৱান ,কাৰ্তিক আৰিয়ান, কেটৰিণা কাঈফ, চাৰা আলি খানৰ দৰে বহু অভিনেতা-অভিনেত্ৰীয়ে চৰকাৰলৈ সহায় আগবঢ়াইছে কৰ'ণা ভাইৰাছৰ দৰে মাৰাত্মক ভাইৰাছৰ সংক্ৰমণ প্ৰতিৰোধৰ বাবে ৷
লগতে পঢ়কঃপ্ৰধানমন্ত্ৰী শুশ্ৰুষা নিধি আৰু ইউনিচেফলৈ প্ৰিয়ংকা-নিকৰ সাহায্য