ETV Bharat / sitara

লতা মংগেশকাৰ: ভাৰতৰ নাইটিংগেল

author img

By

Published : Feb 6, 2022, 2:20 PM IST

অৱসান ঘটিলে ভাৰতৰ চলচিত্ৰ জগতৰ এটা সোণালী যুগৰ ৷ বহু কালজয়ী গীতেৰে জীৱন্ত কিংবদন্তিত পৰিণত হোৱা তথা সংগীত জগতৰ ভোটাতৰাস্বৰূপ লতা মংগেশকাৰে(Lata Mangeshkar paased away) দেওবাৰে পুৱা ইহলীলা সম্বৰণ কৰে ৷

The one and only India's nightingale
লতা মংগেশকাৰ

লতা মংগেশকাৰ... যাৰ কোনো পৰিচয়ৰ প্ৰয়োজন নাই ৷ লতা মংগেশকাৰে প্ৰায় সহস্ৰাধিক হিন্দী চলচ্চিত্ৰৰ বাবে গান ৰেকৰ্ড কৰিছে আৰু ছয়ত্ৰিশতকৈও অধিক ভাৰতীয় আঞ্চলিক ভাষা আৰু বিদেশী ভাষাত গীত পৰিবেশন কৰিছে ৷ মূখ্যতঃ মাৰাঠী, হিন্দী আৰু বাংলা ভাষাত তেওঁ গান গাইছিল । কোকিলকন্ঠী গায়িকাগৰাকীয়ে গিনিজ বুক অৱ ৱৰ্ল্ড ৰেকৰ্ডছতো নিজৰ নাম অন্তৰ্ভূক্ত কৰিবলৈ সক্ষম হৈছিল যিয়ে তেওঁৰ স্বকীয়তাক প্ৰতিফলিত কৰে । তেওঁক ভাৰতৰ সৰ্বোচ্চ অসামৰিক বঁটা ভাৰত ৰত্ন সন্মানেৰেও সন্মানিত(Bharat Ratna Lata Mangeshkar) কৰা হৈছিল ।

১৯২৯ চনত জন্মগ্ৰহণ কৰা লতা আছিল মাৰাঠী সংগীতজ্ঞ পণ্ডিত দীননাথ মংগেশকাৰ আৰু শ্বেৱন্তীৰ জ্যেষ্ঠ কন্যা । তেওঁ লক্ষ্মীকান্ত-প্যাৰেলাল, মদন মোহন, এছ ডি বৰ্মন, আৰ ডি বৰ্মন আৰু এ আৰ ৰহমানকে ধৰি বহুতো যশস্বী সংগীত পৰিচালকৰ সৈতে কাম কৰিছিল ।

The one and only India's nightingale
লতা মংগেশকাৰ

40 ৰ দশকৰ পৰা বৰ্তমান সময়লৈকে তেওঁ প্ৰায় সাত দশকতকৈও অধিক সময় ধৰি গান গাই আহিছে ৷ ১৯৬৪ চনত লতা মংগেশকাৰৰ দ্বাৰা পৰিচালিত ৱো কৌন থি চলচ্চিত্ৰৰ ৰাজা মেহেদী আলী খানৰ গীত লগ জা গেল এক অমৰ গীত । গানটোৰ বিষয়ে কথা পাতি লতাই কৈছিল যে এই গানটোৰ সৌন্দৰ্য কেতিয়াও সময়ৰ সোঁতত নাইকিয়া হৈ নাযায় । 13 বছৰ বয়সৰ পৰা 70 ৰ দশকলৈকে লতাৰ যাদুকৰী কণ্ঠই সকলোকে আপ্লুত কৰি ৰাখিলে । লগ জা গলে তেওঁ এতিয়ালৈকে গোৱা সকলোবোৰ গানৰ ভিতৰত চিৰস্মৰণীয় ৷

The one and only India's nightingale
লতা মংগেশকাৰৰ কালজয়ী গীত

সংগীতৰ যাদুকৰ মদন মোহনৰ সৈতে লতা মংগেশকাৰৰ সংগীত কেৰিয়াৰৰ সুন্দৰ যাত্ৰা আছে ৷ মদন মোহনৰ সংগীত পৰিচালনাত লতা মংগেশকাৰে কিছুমান এনে গীত গাইছিল যিবোৰ ভৱিষ্যত প্ৰজন্মৰ বাবে ভাৰতীয় সংগীতৰ ক্ষেত্ৰখনত চিৰসেউজ হৈ ৰ’ব । অনপঢ় চলচ্চিত্ৰখনৰ আপ কি নাজৰনে সমঝা প্যাৰ কে কাৱিল মুঝে শীৰ্ষক গীতটি এই দুজন শিল্পীৰ অপূৰ্ৱ সৃষ্টি ৷

এ মেৰে ৱাতান কে ল’গ’ গানটোৰ শব্দবোৰে সকলোকে আৱেগিক কৰি তুলিবলৈ সক্ষম হৈছিল । উক্ত গানটো লতাৰ পৰিৱৰ্তে আশা ভোঁচলেই গোৱাৰ কথা আছিল নতুবা এইটো লতা আৰু আশাৰ কণ্ঠত একেলগে গোৱাৰ কথা আছিল কিন্তু আশা ভোচঁলেই গানটো গাবলৈ অমান্তি হয় ৷ আনহাতে, ৰামচন্দ্ৰৰ সৈতে ভাল সম্পৰ্ক নথকা লতাই গানটোত একক হিচাপে ৰেকৰ্ড কৰাৰ চৰ্ততহে কণ্ঠদানৰ সন্মতি প্ৰদান কৰিছিল ৷

অমিতাভ বচ্চন আৰু লতা মংগেশকাৰে তেওঁলোকৰ ইয়ে কাহান আ গয়ে হম গানটো পৃথকে ৰেকৰ্ড কৰিছিল । বহু বছৰৰ পিছত যেতিয়া তেওঁলোকৰ মাজত বন্ধুত্বপূৰ্ণ সম্পৰ্ক গঠন হয় তেতিয়া দুয়োয়ে একেলগে কাম নকৰাৰ কথাটোত অনুশোচনা কৰে ৷

The one and only India's nightingale
লতা মংগেশকাৰৰ কালজয়ী গীত

১৯৮১ ৰ হিট ছবি কুদ্ৰত য'ত হেমা মালিনী আৰু ৰাজেশ খান্না মুখ্য চৰিত্ৰত আছিল দৰাচলতে এই ছবিখন সংগীতৰ ব্লকব্লাষ্টাৰ আছিল । আৰ ডি বৰ্মণৰ সংগীত পৰিচালনা আৰু মাজৰুহ চুলতানপুৰীয়ে লিখা গীতবোৰ যথেষ্ট হিট হৈছিল । লতা মংগেশকাৰে গোৱা টুনে অ ৰঙ্গিলে কেইচা জাদু কিয়া এটা সুন্দৰ আৰু চিৰসেউজ গান ।

লতা মংগেশকাৰে তেওঁৰ আটাইতকৈ জনপ্ৰিয় গান আজি ফিৰ জীনে কি তামান্না হেৰ বিষয়ে এটা অদ্ভুত কাহিনী প্ৰকাশ কৰিছিল। তেওঁ প্ৰথমতে গানটোৰ শব্দবোৰ শুনি গাবলৈ অমান্তি হৈছিল কিন্তু বিজয় আনন্দৰ নিৰ্দেশনা আৰু ৱাহিদাৰ অভিনয়ে তেওঁৰ মন সলনি কৰে । এই গানটো ১৯৬৫ চনৰ চলচ্চিত্ৰ গাইড ৰ আছিল য'ত দেৱ আনন্দ মুখ্য চৰিত্ৰত আছিল।

The one and only India's nightingale
লতা মংগেশকাৰৰ কালজয়ী গীত

হাম ডনোৰ আল্লা তেৰো নাম প্ৰাৰ্থনাটো এতিয়ালৈকে হিন্দী সংগীত এলবামৰ অন্যতম শ্ৰেষ্ঠ প্ৰাৰ্থনা । লতা মংগেশকাৰৰ ঐশ্বৰিক কণ্ঠত নিগৰিত প্ৰাৰ্থনাটোৱে শান্তি আৰু প্ৰেমৰ বাৰ্তা দিয়ে । ২০১৮ চনত প্ৰাৰ্থনাটোৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি পাকিস্তানী গায়ক ৰাহাত ফতেহ আলী খানে কৈছিল, "লতা জীৰ অনন্য শৈলীয়ে আগন্তুক প্ৰজন্মৰ সংগীতজ্ঞসকলক অনুপ্ৰাণিত কৰি থাকিব।"

শেহতীয়া এক সাক্ষাৎকাৰত লতাই কৈছিল যে তেওঁ এতিয়াও গান গাব বিচাৰে কিন্তু চলচ্চিত্ৰৰ বাবে নহয় । তেওঁ ব্যক্তিগতভাৱে চলচ্চিত্ৰৰ বাবে গান গাবলৈ ভাল নাপায় । শেহতীয়াকৈ তেওঁ গায়ত্ৰী মন্ত্ৰ, হনুমান চালিচা, গজল আৰু অন্যান্য ভক্তিমূলক গান ৰেকৰ্ড কৰিছে । তিনিটা ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা আৰু ছটা ফিল্মফেয়াৰ বঁটাৰে সন্মানিত গায়িকাগৰাকী । 1989 ত ভাৰত চৰকাৰৰ তৰফৰ পৰা দাদা চাহেব ফাল্কে বঁটা প্ৰদান কৰা হৈছিল লতা মংগেশকাৰক ৷ সাংস্কৃতিক ক্ষেত্ৰখনলৈ তেওঁৰ অৱদানৰ বাবে তেওঁক ভাৰত ৰত্ন বঁটাৰে সন্মানিত কৰা হৈছিল ৷

লগতে পঢ়ক : কোকিলকণ্ঠী গায়িকা লতা মংগেশকাৰ আৰু নাই

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.