চিটাৰা ডেস্ক,11 ডিচেম্বৰ : ক্ৰীছ 4ৰ বাবে পুনৰ দৰ্শকৰ মাজলৈ উভতি আহিবলৈ সাজু হৈছে বলিউড হাংক হৃত্বিক ৰোশন ৷ প্ৰতিবেদনত উল্লেখিত অনুসৰি, ক্ৰীছ ফ্ৰেন্সাইজৰ এইটো চিৰিজত হৃত্বিকক দৰ্শকে চাৰিটা ভিন্ন ৰূপত দেখিবলৈ পাব ৷ এইবাৰ ছবিখনত এগৰাকী মহিলা চুপাৰহিৰ’ও দেখা যাব বুলি ক্ৰীছৰ অনুৰাগীসকলৰ মাজত চৰ্চিত হৈছে ৷
পূৰ্বৰ চিৰিজ তিনিটাতকৈ এইবাৰৰ চিৰিজটোত মহিলা চুপাৰহিৰ’ক অন্তৰ্ভুক্ত কৰি দৰ্শকসকলক কিছু পৃথকে ছবিখন উপহাৰ দিয়াৰ প্ৰয়াস কৰিছে ছবি নিৰ্মাতাই ৷ এখন VFX-loaded ছবি হিচাপে নিৰ্মাণ কৰা হ’ব ক্ৰীছ 4 ৷
- " class="align-text-top noRightClick twitterSection" data="
">
অন্যহাতে, হৃত্বিকৰ চাৰিটা অন্য ভুমিকাৰ উপৰিও মহিলা চুপাৰহিৰ’ক যাদুৰ চৰিত্ৰত দেখুৱাব ৷ কিয়নো ছবি নিৰ্মাতাই যাদুক পুনৰ দৰ্শকৰ মাজত পৰিচয় কৰোৱাৰ সিদ্ধান্ত লৈছে ৷
সূত্ৰই জনোৱা মতে, ছবি নিৰ্মাতাই হৃত্বিকৰ বিপৰীতে অভিনেত্ৰী কিয়াৰা আদৱানীক লোৱাৰ সিদ্ধান্ত লৈছে ৷ মহিলা চুপাৰহিৰ’ হিচাপে কিয়াৰাক লোৱা বিষয়টোৱে চৰ্চা লাভ কৰিছে যদিও বৰ্তমানো ছবি নিৰ্মাতাৰ পৰা কোনো স্পষ্টীকৰণ অহা নাই ৷
লগতে পঢ়ক : COVID-১৯ত আক্ৰান্ত অভিনেত্ৰী নিতু কাপুৰ