চিটাৰা ডেস্ক,3 নৱেম্বৰঃ বলীউডৰ বাদচাহ শ্বাহৰুখ খানৰ 54 সংখ্যক জন্মদিন উপলক্ষে বিভিন্নজনে বিভিন্নধৰণে জ্ঞাপন কৰিলে শুভকামনা ৷ আটাইতকৈ আকৰ্ষণীয় কথাটো হ'ল বিশ্বৰ আটাইতকৈ ডাঙৰ ভৱন বুর্জ খালিফাত শ্বাহৰুখ খানৰ নামৰ এটা ভিডিঅ' প্লে কৰা হয় ৷
ইফালে বলীউডৰ বহু চেলিব্ৰেটীয়ে শ্বাহৰুখ খানক জন্মদিনৰ শুভকামনা জনায় এটা বিশেষ ভিডিঅ' যোগে ৷ চলমান খানে নিজৰ চ'ছিয়েল মিডিয়া একাউন্ট যোগে প্ৰচাৰ কৰে এই বিশেষ ভিডিঅ'টো ৷
অৱশ্যে শ্বাহৰুখ খানক তেওঁৰ জন্মদিনটোত দেখিবলৈ পোৱা যায় অসংখ্য গুণমুদ্ধৰ মাজত ৷ অভিনেতাগৰাকীয়ে মুম্বাইৰ এখন মহাবিদ্যালয়ত যুৱ প্ৰজন্মৰ একাংশ অনুৰাগীৰ মাজত উদযাপন কৰে নিজৰ জন্মদিন ৷