ETV Bharat / sitara

'চৰ্দাৰ উধম'ত বিকি কৌশলৰ অভিনয়ক প্ৰশংসা কেটৰীণাৰ

author img

By

Published : Oct 16, 2021, 7:43 PM IST

শেহতীয়াকৈ 'চৰ্দাৰ উধম'(Sardar Udham) ছবিত কৰা অভিনয়ৰ বাবে অভিনেতা বিকি কৌশল(Vicky Kaushal)ক প্ৰশংসা কৰিলে অভিনেত্ৰী কেটৰীণা কাঈফে(Katrina Kaif) । শুকুৰবাৰে 'চৰ্দাৰ উধম' ছবিখনৰ স্ক্ৰীণিঙৰ পাচতে ছ'চিয়েল মিডিয়াযোগে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে কেটৰীণাই । লগতে বিকিক 'Pure Talent' বুলি প্ৰশংসা কৰে ।

Katrina Kaif praises Vicky Kaushal
'চৰ্দাৰ উধম'ত বিকি কৌশলৰ অভিনয়ক লৈ প্ৰশংসা কৰিলে কেটৰীণাই

চিটাৰা ডেস্ক, ১৬ অক্টোবৰ: শনিবাৰে এমাজন প্ৰাইম ভিডিঅ'ত মুক্তি লাভ কৰিলে বিকি কৌশল(Vicky Kaushal) অভিনীত 'চৰ্দাৰ উধম'(Sardar Udham) ছবিখনে । শুকুৰবাৰে ছবিখনৰ স্ক্ৰীণিং সম্পন্ন হোৱাৰে পৰা সমালোচকৰ পৰা ইতিবাচক প্ৰতিক্ৰিয়া লাভ কৰিছে বিকিয়ে । কিন্তু অভিনেত্ৰী কেটৰীণা কাঈফ(Katrina Kaif)ৰ প্ৰতিক্ৰিয়া অবিহনে যেন সকলো আধৰুৱা বিকিৰ বাবে । 'চৰ্দাৰ উধম' হৈছে স্বাধীনতা সংগ্ৰামী চৰ্দাৰ উধম সিঙৰ জীৱন কাহিনীৰ আধাৰত নিৰ্মিত ছবি ।

তেওঁ ১৯১৯ চনত জালিয়ানৱালাবাগ গণহত্যাৰ প্ৰতিশোধ ল'বলৈ ব্ৰিটিছ শাসিত ভাৰতৰ পঞ্জাৱৰ প্ৰাক্তন লেফটেনেণ্ট গৱৰ্ণৰক হত্যা কৰিছিল । ছবিখনত অমল পৰাশৰে শ্বহীদ ভগত সিঙৰ চৰিত্ৰ ৰূপায়ণ কৰিছে । শুকুৰবাৰে 'চৰ্দাৰ উধম' ছবিখনৰ স্ক্ৰীণিঙৰ পাচতে ছ'চিয়েল মিডিয়াযোগে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে কেটৰীণাই । বিকিক 'পিউৰ টেলেণ্ট' বুলি প্ৰশংসা কৰে অভিনেত্ৰীগৰাকীয়ে ।

শুক্ৰবাৰে সন্ধিয়া 'চৰ্দাৰ উধম'ৰ স্ক্ৰীণিঙত কেইবাজনো তাৰকা উপস্থিত থাকে । কেটৰীণাও স্কীণিঙৰ সময়ত উপস্থিত আছিল ।

লেভেণ্ডাৰ ৰঙৰ হুডি, ডেনিম মিনি স্কাৰ্ট আৰু ক'লা ৰঙৰ চামৰাৰ বুটৰ সৈতে আকৰ্ষণীয় ৰূপত দেখা গৈছিল কেটৰীণা কাঈফক । শুজিত চিৰকাৰ পৰিচালিত ছবিখন উপভোগ কৰাৰ পাচত কেটৰীণাই ইনষ্টাগ্ৰাম পোষ্টযোগে বিকিৰ অভিনয়ৰ প্ৰশংসা কৰে । ছবিখনক সুন্দৰ বুলি কোৱাৰ লগতে কাহিনীভাগকো বিশুদ্ধ বুলি মন্তব্য কৰে ।

লগতে বিকি কৌশলক 'পিউৰ টেলেণ্ট' বুলি প্ৰশংসা কৰে । উল্লেখ্য যে, কেটৰীণা আৰু বিকিৰ মাজত প্ৰেমৰ সম্পৰ্ক আছে বুলি চৰ্চা অব্যাহত আছে । কিন্তু দুয়োজনে তেওঁলোকৰ মাজত প্ৰেমৰ সম্পৰ্ক থকাৰ কথা অস্বীকাৰ কৰি আহিছে ।

লগতে পঢ়ক:হেপ্পী বাৰ্থডে ড্ৰিম গাৰ্ল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.