চিটাৰা ডেস্ক, 19 ডিচেম্বৰ : 2021 বৰ্ষৰ সবাতোকৈ চৰ্চিত বিয়াখনৰ যুটি এতিয়া ব্যস্ত আছে নিজৰ Honeymoon ক লৈ ৷ শনিবাৰে নিশা কেটৰিণাই নিজৰ বিয়াৰ মেহেণ্ডিৰ ফটো ইন্ষ্টাগ্ৰামত শ্বেয়াৰ কৰাৰ লগে লগে ছ’চিয়েল মিডিয়াত ব্যাপক চৰ্চা হয় দুয়োৰে মধুচন্দ্ৰিকাৰ ওপৰত ৷ ফটোখন দেখি VIcKat মালদ্বীপলৈ গৈছে বুলি ধাৰণা কৰিছে (VicKat enjoying honeymoon in sea side) সকলোৱে ৷
মেহেণ্ডি লগোৱা হাতত ৰঙা খাৰু পিন্ধি থকা কেটৰিণাক খুব প্ৰশংসা কৰিছে নেটিজেনে ৷ বহুতেই ইতিমধ্যে কেটৰিণাৰ হাতত বিকীৰ নাম বিচাৰি হাহাকাৰ কৰি ফুৰিছে ৷ অনুৰাগী সকল উৎকণ্ঠাৰে ৰৈ আছে দুয়োৰে যুটীয়া ফটো চাবলৈ ৷
কৌশল পৰিয়ালৰ ডাঙৰ বোৱাৰী কেটৰিণাই শহুৰৰ ঘৰত সকলোৰে মন জয় কৰিছে ৷ এটা নিয়ম আছে শহুৰৰ ঘৰত বোৱাৰীয়ে প্ৰথমতে ৰান্ধনি ঘৰত প্ৰৱেশ কৰি কিবা এটা মিঠা বনাই খুৱাব লাগে ৷ কেটৰিণায়ো আখৰে আখৰে পালন কৰিছে নীতি-নিয়ম ৷ চুজিৰ হালৱা ৰান্ধি খুৱালে কেটৰিণাই নতুন পৰিয়ালৰ সকলোকে ৷
সদ্যহতে গৃহস্থী ধৰ্ম পালন কৰি বৈবাহিক জীৱনৰ আমেজ লোৱা কেটৰিণাই বছৰৰ আৰম্ভণিতে টাইগাৰ 3 ৰ শ্বুটিংৰ বাবে চলমান খানৰ সৈতে দিল্লীলৈ উৰা মৰাৰ কথা ৷
লগতে পঢ়ক : Ankita Lokhande turns 37 today : মাজনিশা স্বামীৰ সৈতে জন্মদিন উদযাপন অংকিতাৰ