ETV Bharat / sitara

'সত্য নাৰায়ণ কী কথা'ত দেখিবলৈ পাব কাৰ্তিক আৰিয়নক

author img

By

Published : Jun 23, 2021, 7:00 PM IST

ছবি নিৰ্মাতা ছাজিদ নাদিয়াদৱালাৰ পৰৱৰ্তী ছবি 'সত্য নাৰায়ণ কী কথা'(Satyanarayan Ki Katha)ত দেখা পোৱা যাব অভিনেতা কাৰ্তিক আৰিয়ন(Kartik Aaryan) ক । এই ছবিখন ৰাষ্ট্ৰীয় বঁটা বিজয়ী পৰিচালক সমীৰ ভিডৱান্সে পৰিচালনা কৰিব ।

Kartik aaryan announces satyanarayan ki katha with sajid nadiadwala
'সত্য নাৰায়ণ কী কথা'ত অভিনয় কৰিব কাৰ্তিক আৰিয়নে

চিটাৰা ডেস্ক, ২৩ জুন : ৰাষ্ট্ৰীয় বঁটা বিজয়ী পৰিচালক সমীৰ ভিডৱান্স পৰিচালিত ছবিত অভিনয় কৰিবলৈ সাজু অভিনেতা কাৰ্তিক আৰিয়ন । নাদিয়াদৱালা গ্ৰেণ্ডছন এণ্টাৰটেইনমেণ্ট আৰু নমহ পিকচাৰ্ছৰ বেনাৰত নিৰ্মাণ কৰা হ'ব 'সত্য নাৰায়ণ কী কথা'(Satyanarayan Ki Katha) শীৰ্ষক ছবিখন । ছবিখনৰ জৰিয়তে ছাজিদৰ সৈতে কাৰ্তিকে প্ৰথমবাৰৰ বাবে কাম কৰিব ।

কাৰ্তিকে বুধবাৰে ঘোষণা কৰে যে, তেওঁ আগন্তুক ছবি 'সত্য নাৰায়ণ কী কথা'(Satyanarayan Ki Katha)ত মুখ্য চৰিত্ৰত অভিনয় কৰিব । এই ছবিখন পৰিচালনা কৰিব সমীৰ ভিডৱান্সে । ২০১৯ৰ মাৰাঠী নাটক আনন্দী গোপালৰ বাবে জনাজাত সমীৰ ভিডৱান্স । এই ছবিখনৰ জৰিয়তে ভিডৱান্সে বলীউডত প্ৰৱেশ কৰিব ।

ইনষ্টাগ্ৰাম পোষ্টত কাৰ্তিকে লিখিছে যে ছবিখনৰ কাহিনী তেওঁ হৃদয়ৰ এটা নিচেই আপোন কাহিনী । বিশেষ লোকৰ সৈতে এখন বিশেষ ছবিত কাম কৰিব বুলিও অভিনেতাগৰাকীয়ে উল্লেখ কৰে । প্যাৰ কা পাঞ্চনামা, চনু কে টিটু কি চুইটি আৰু লুকা চুপ্পীৰ দৰে ছবিৰ জৰিয়তে খ্যাতি অৰ্জন কৰা কাৰ্তিকৰ ছবিৰ তালিকাত 'সত্য নাৰায়ণ কী কথা'য়ো এখন সফল ছবি হিচাপে ঠাই পাব বুলি আশা কৰা হৈছে ।

অৱশ্যে কাৰ্তিকৰ বিপৰীতে ছবিখনত কোন অভিনেত্ৰীয়ে অভিনয় কৰিব সেয়া এতিয়াও ছবি নিৰ্মাতাসকলে ঘোষণা কৰা নাই । বছৰটোৰ শেষৰ ফালে ছবিখনৰ দৃশ্যগ্ৰহণ আৰম্ভ হোৱাৰ সম্ভাৱনা আছে । সত্যনাৰায়ণ কী কথাৰ উপৰিও আৰিয়নক পৰৱৰ্তী সময়ত নেটফ্লিক্সৰ থ্ৰিলাৰ ছবি 'ধামাকা' আৰু ভৌতিক-কৌতুক ধৰ্মী ছবি 'ভুল ভুলেইয়া-2'ত দেখা পোৱা যাব ।

লগতে পঢ়ক: কুৱেণ্টিন টাৰেণ্টিন'ৰ ছবিৰ হিন্দী ৰিমেক নিৰ্মাণ কৰিব অনুৰাগ কাশ্যপে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.