ETV Bharat / sitara

কেঞ্চাৰৰে যুঁজি থকা মাতৃৰ কথা কৈ আবেগিক হৈ পৰিল কাৰ্তিক আৰ্য়ান

author img

By

Published : Feb 25, 2022, 1:38 PM IST

কেঞ্চাৰক প্ৰতিহত কৰা মাতৃক লৈ গৌৰৱ কৰে অভিনেতা কাৰ্তিক আৰ্য়ানে ৷ মুম্বাইত অনুষ্ঠিত এটা অনুষ্ঠানত কেঞ্চাৰৰে সৈতে মাতৃৰ যুঁজখনৰ কথা কওঁতে থোকাথুকি হৈ পৰিল অভিনেতাজনৰ মাত ( Kartik Aaryan speaks about mother cancer) ৷ কাৰ্তিক আৰ্য়ানৰ মাতৃ মালা তিৱাৰী চাৰিবছৰৰ আগতে স্তনকেঞ্চাৰত আক্ৰান্ত হৈছিল ৷

battle with cancer
কেঞ্চাৰৰে যুঁজি থকা মাতৃৰ কথা কৈ আবেগিক হৈ পৰিল কাৰ্তিক আৰ্য়ান

চিটাৰা ডেস্ক, 25 ফেব্ৰুৱাৰী: বৃহস্পতিবাৰে মুম্বাইৰ এখন হাস্পতালত কৰ্কট ৰোগ প্ৰতিৰোধ সজাগতা সভাত অংশগ্ৰহণ কৰে বলীউডৰ জনপ্ৰিয় অভিনেতা কাৰ্তিক আৰ্য়ানে ৷ অনুষ্ঠানটোত ভাগ লৈ কাৰ্তিকে প্ৰকাশ কৰে তেওঁৰ মাতৃয়ে কেঞ্চাৰৰে সৈতে যুঁজাৰ কাহিনী (Kartik Aaryan on mother's battle with cancer) ৷ এই কাহিনী বৰ্ণনা কৰি থকাৰ সময়ত মঞ্চতে যথেষ্ট আবেগিক হৈ পৰিল কাৰ্তিক ৷

অভিনেতাজনে নিজৰ টুইটাৰ একাউণ্টত অনুষ্ঠানটোৰ কিছু মূহুৰ্ত অনুৰাগীৰ সৈতে শ্বেয়াৰ কৰিলে ৷ কৰ্কট ৰোগ প্ৰতিৰোধ সজাগতা সভাত অংশ লৈ কৰ্কট ৰোগীসকলৰ সৈতে নৃত্যও কৰিলে কাৰ্তিক আৰু মাতৃ মালাই ৷ কৰ্কট ৰোগৰ বিৰুদ্ধে জয়ী হোৱা নিজ মাতৃক লৈ গৌৰৱান্বিত কাৰ্তিক আৰ্য়ান (Kartik Aaryan speaks about mother cancer) ৷

টুইটাৰত অভিনেতাজনে লিখিলে, " এই যাত্ৰাটো যথেষ্ট কঠিন আছিল ৷ কিন্তু তেওঁৰ ইতিবাচকতা, ধৈৰ্য আৰু নিৰ্ভীকতাই আমাক আগুৱাই নিছিল । আজি মই গৌৰৱেৰে ক'ব পাৰোঁ, মোৰ মায়ে কৰ্কট ৰোগৰ সৈয়ে যুঁজ দিছিল আৰু এই যুঁজত জয়ী হৈছিল ।"

উল্লেখযোগ্য যে, কাৰ্তিক আৰ্য়ানৰ মাতৃ মালা তিৱাৰী চাৰিবছৰৰ পূৰ্বে স্তনকেঞ্চাৰত আক্ৰান্ত হৈছিল আৰু এই ৰোগৰ বিৰুদ্ধে সফলতাৰে যুঁজ দি জয়ী হৈছিল ৷ সম্প্ৰতি কাৰ্তিক কেইবাটাও প্ৰজেক্ট লৈ ব্যস্ত হৈ আছে ৷ অভিনেতাজনক ভূল ভূলৈয়া 2, শ্বেহজাদা, কেপ্তেইন ইণ্ডিয়া, ফ্ৰেডি আদিত ছবিত দেখিবলৈ পোৱা যাব ৷

লগতে পঢ়ক: ব’ল্ড ফটোশ্বুটেৰে সামাজিক মাধ্যমত খলকনি তুলিছে তাৰা সুতাৰিয়াই

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.