ETV Bharat / sitara

Kangana's controversial Instagram post : আজি মুম্বাই আৰক্ষীৰ সন্মুখত হাজিৰ নহয় কংগনা ৰাণাৱট

author img

By

Published : Dec 22, 2021, 11:19 AM IST

বুধবাৰে মুম্বাইৰ খাড় আৰক্ষী থানাত হাজিৰ নহয় অভিনেত্ৰী কংগনা ৰাণাৱট (Kangana not to appear before Mumbai Police) । শিখসকলৰ বিৰুদ্ধে অপমানজনক মন্তব্য কৰি ইনষ্টাগ্ৰাম পোষ্ট শ্বেয়াৰ কৰাৰ অভিযোগ উত্থাপিত হৈছে অভিনেত্ৰীগৰাকীৰ বিৰুদ্ধে । এই সন্দৰ্ভতে তেওঁ আজি খাড় আৰক্ষী থানাত হাজিৰ হোৱাৰ কথা আছিল ।

Kangana Ranaut not to appear before Mumbai Police today
আজি মুম্বাই আৰক্ষীৰ সন্মুখত হাজিৰ নহয় কংগনা ৰাণাৱট

নেশ্যনেল ডেস্ক, ২২ ডিচেম্বৰ : বিতৰ্কই লগ নেৰা হৈছে অভিনেত্ৰী কংগনা ৰাণাৱটৰ । এইবাৰ এটা ইনষ্টাগ্ৰাম পোষ্টক লৈ বিতৰ্কৰ আৱৰ্তত সোমাই পৰিছে অভিনেত্ৰীগৰাকী (Kangana's controversial Instagram post) । এই সন্দৰ্ভত তেওঁৰ বিৰুদ্ধে দাখিল কৰা হৈছে এজাহাৰ (FIR against Kangana over controversial Instagram post) । গোচৰটোৰ তদন্তৰ সংক্ৰান্ততে কংগনা ৰাণাৱট বুধবাৰে মুম্বাইৰ খাৰ আৰক্ষী থানাত হাজিৰ হোৱাৰ কথা আছিল ।

আৰক্ষীয়ে বুধবাৰে অভিনেত্ৰীগৰাকীৰ জবানবন্দী লোৱাৰ কথা আছিল । কিন্তু তেওঁৰ অধিবক্তা ৰিজৱান ছিদ্দিকিয়ে জনোৱা মতে, অভিনেত্ৰীগৰাকী মুম্বাইৰ পৰা বাহিৰৰ আন ঠাইলৈ যোৱা বাবে আজি তেওঁ মুম্বাই আৰক্ষীৰ সন্মুখত হাজিৰ হ'ব নোৱাৰিব ।

এটা ইনষ্টাগ্ৰাম পোষ্টত শিখ সম্প্ৰদায়ৰ বিৰুদ্ধে অপমানজনক মন্তব্য কৰাৰ অভিযোগ উত্থাপিত হৈছে কংগনাৰ বিৰুদ্ধে (Kangan Ranaut's controversial Instagram post related to Sikh) । গোচৰটোৰ তদন্তৰ বাবে যোৱা ১৩ ডিচেম্বৰত বোম্বে উচ্চ ন্যায়ালয়ে কংগনাক বুধবাৰে মুম্বাই আৰক্ষীৰ সন্মুখত হাজিৰ হ'বলৈ নিৰ্দেশ দিছিল ৷ তদুপৰি মহাৰাষ্ট্ৰ চৰকাৰে ২৫ জানুৱাৰী পৰ্যন্ত পৰৱৰ্তী শুনানিৰ পূৰ্বে কংগনাৰ বিৰুদ্ধে বলপূৰ্বক ব্যৱস্থা গ্ৰহণ নকৰিবলৈ সন্মত হৈছিল ।

দেশত আইন-শৃংখলা বজাই ৰখাৰ স্বাৰ্থত ভৱিষ্যতে কংগনাৰ সকলো ছ'চিয়েল মিডিয়াৰ পোষ্ট চেন্সৰ কৰিবলৈ আহ্বান জনাই উচ্চ ন্যায়ালয়ত এখন আবেদন দাখিল কৰিছিল অধিবক্তা চৰণজিৎ সিং চন্দ্ৰপালে । দেশত আইন-শৃংখলা বজাই ৰখাৰ খাতিৰত ছ'চিয়েল মিডিয়াত কংগনাৰ যিকোনো পোষ্ট সংশোধন, ডিলিট, চেন্সৰ অবিহনে শ্বেয়াৰ কৰিবলৈ অনুমতি দিয়া উচিত নহয় বুলি আবেদনখনত উল্লেখ কৰিছিল অধিবক্তাগৰাকীয়ে ।

কৃষকৰ প্ৰতিবাদ সন্দৰ্ভত অভিনেত্ৰীগৰাকীয়ে কৰা মন্তব্যৰ বিৰোধিতাৰে ভাৰতৰ বিভিন্ন থানাত দাখিল কৰা সকলো এজাহাৰ মুম্বাইৰ খাড় আৰক্ষী থানালৈ স্থানান্তৰ কৰাৰ নিৰ্দেশ বিচাৰি আবেদনখনৰ জৰিয়তে ন্যায়ালয়ক অনুৰোধ জনাইছিল চৰণজিৎ সিং চন্দ্ৰপালে ।

লগতে পঢ়ক: ঠেঁহ লাগিল মমতাৰ : অসম চৰকাৰৰ গাৰ্ড অৱ অ'নাৰ প্ৰত্যাখ্যান বংগ কন্যাৰ

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.