ETV Bharat / sitara

জাহ্নৱী কাপুৰৰ হাতত ধৰি কোন খোজ দিলে সমুদ্ৰ তীৰত ?

ক'ভিড-১৯(COVID-19)ৰ বাবে ছবিৰ দৃশ্যগ্ৰহণ বন্ধ হৈ থকাৰ পৰিপ্ৰেক্ষিতত অৱসৰ বিনোদনৰ বাবে বৰ্তমান বিদেশত আছে অভিনেত্ৰী জাহ্নৱী কাপুৰ (Janhvi Kapoor) । কিন্তু এইবাৰ জাহ্নৱীৰ সৈতে দেখা গৈছে এজন লোকক । সমুদ্ৰ তীৰত দুয়োকে দেখা গৈছে । কিন্তু জাহ্নৱীৰ লগত থকা এই লোকজন কোন ?

Janhvi kapoor's latest beach vacation
সমুদ্ৰ তীৰত অৰহান আৱত্ৰামনিৰ সৈতে জাহ্নৱী কাপুৰ
author img

By

Published : Jun 16, 2021, 5:40 PM IST

চিটাৰা ডেস্ক, ১৬ জুন: শেহতীয়াকৈ বলীউড অভিনেত্ৰী জাহ্নৱী কাপুৰে (Janhvi kapoor) শ্বেয়াৰ কৰা কেইখনমান ফটোৱে কৌতুহলৰ সৃষ্টি কৰিছে অনুৰাগীৰ মনত । বুধবাৰে, জাহ্নৱীয়ে ইনষ্টাগ্ৰাম পোষ্টযোগে কেইখনমান ফটো শ্বেয়াৰ কৰিছিল । ফটোকেইখনত সমুদ্ৰ তীৰত চুইমৱেৰত দেখা গৈছে অভিনেত্ৰীগৰাকীক ।

কিন্তু এগৰাকী বন্ধুৰ সৈতে থকা জাহ্নৱীৰ এখন ফটোৱে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে । জাহ্নৱীৰ শেহতীয়া ইনষ্টাগ্ৰাম পোষ্টটোত তেওঁৰ খুড়ী মাহীপ কাপুৰ, এছ ফেশ্বন ডিজাইনাৰ মনীষ মালহোত্ৰা আৰু নব্যা নন্দাই লাইক কৰা দেখা গৈছে ।

ফটোবোৰত, জাহ্নৱীক এটা বগা ৰঙৰ বিকিনি টপ আৰু এনিমেল প্ৰিণ্টৰ বিকিনি বটম পৰিধান কৰা দেখা গৈছে । জাহ্নৱীক সাগৰৰ পাৰত সূৰ্যাস্তৰ সময় উপভোগ কৰি আনন্দিত হৈ পৰা দেখা গৈছে । এখন ফটোত জাহ্নৱীয়ে এজন বন্ধুৰ হাতত ধৰি সূৰ্যৰ দিশত ফালে দৌৰি যোৱা দেখা গৈছে ।

ছ'চিয়েল মিডিয়াত জাহ্নৱীৰ বহুতো অনুৰাগীয়ে ফটোখনত থকা লোকজনৰ বিষয়ে জানিবলৈ আগ্ৰহ প্ৰকাশ কৰিছে । প্ৰকৃততে ফটোখনত থকা ল'ৰাজন হৈছে জাহ্নৱীৰ বন্ধু অৰহান আৱত্ৰামনি( Orhan Awatramani) । জানিব পৰা মতে, এনিমেছন ক্ষেত্ৰত কেৰিয়াৰ গঢ়া অৰহানৰ ছাৰা আলী খান, আলায়া এফ, জাৱেদ জাফেৰীৰ জীয়ৰী আলাভিয়া জাফেৰী আৰু বহুতো তাৰকাৰ সন্তানৰ সৈতে বন্ধুত্বৰ সম্পৰ্ক আছে ।

লগতে পঢ়ক:ইটিভি ভাৰতৰ সৈতে ইমলী খ্যাত অভিনেত্ৰী ছুমবুল খানৰ বিশেষ সাক্ষাৎকাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.