চিটাৰা ডেস্ক,13 আগষ্টঃ শেহতীয়াকৈ ভাৰতীয় বায়ু সেনাৰ তৰফৰ পৰা ধৰ্মা প্ৰডাকচন, নেটফ্লিক্স আৰু কেন্দ্ৰীয় ছবি প্ৰমাণন বৰ্ডলৈ এখন পত্ৰ প্ৰেৰণ কৰা হৈছে ৷ য'ত তেওঁলোকে ছবি গুঞ্জন চাক্সেনাঃ দ্য কাৰ্গিল গাৰ্লত দেখুওৱা লিংগ ভেদৰ বাবে আপত্তি দৰ্শাইছে ৷
উল্লেখ্য যে, এই ছবিখন যোৱা বুধবাৰে অ'টিট প্লেটফৰ্ম নেটফ্লিক্সত মুক্তি লাভ কৰিছিল ৷ ছবিখন 1999 চনৰ কাৰ্গিল যুদ্ধত ভাগ লোৱা ভাৰতীয় বায়ু সেনাৰ প্ৰথমগৰাকী মহিলা পাইলটৰ জীৱন বৃত্তান্ত ৷
- " class="align-text-top noRightClick twitterSection" data="">
ভাৰতীয় বায়ু সেনাৰ মতে, ছবি আৰু ছবিৰ ট্ৰেইলাৰত কিছু দৃশ্য আৰু সংবাদে ভাৰতীয় সেনা বাহিনীৰ নকাৰাত্মক দিশটো প্ৰতিফলিত কৰিছে ৷
ভাৰতীয় বায়ু সেনাৰ মতে, তেওঁলোকে প্ৰডাকচন হাউচটোক ছবিখনৰ আপত্তিজনক অংশক আঁতৰাবলৈ তথা সংশোধন কৰিবলৈ কৈছিল ৷ কিন্তু প্ৰডাকচন হাউচে সেই কাম নকৰাৰ বাবে বৰ্তমান অসন্তুষ্ট হৈ এনেদৰে আপত্তিজনক পত্ৰ প্ৰেৰণ কৰিছে ভাৰতীয় বায়ু সেনা বিভাগে ৷