ETV Bharat / sitara

Hrithik Shaba latest news: শ্বাবা আজাদক 'পাগল' বুলি অভিহিত কৰিলে হৃত্বিক ৰোশনে

প্ৰেমৰ বাতৰিৰে চৰ্চাত থকা হৃত্বিক আৰু শ্বাবাৰ আহিছে এক নতুন খবৰ (Hrithik Shaba latest news) ৷ সামাজিক মাধ্যমত হৃত্বিকে শ্বাবাক পাগল বুলি সম্বোধন কৰিলে ৷

author img

By

Published : Mar 26, 2022, 6:22 PM IST

Hrithik Shaba latest news
শ্বাবা আজাদক 'পাগল' বুলি অভিহিত কৰিলে হৃত্বিক ৰোশনে

চিটাৰা ডেস্ক, 26 মাৰ্চ: হৃত্বিক ৰোশনে আজিকালি শ্বাবা আজাদক লৈ সঘনে সামাজিক মাধ্যমত কিবাকিবি পোষ্ট কৰি থাকে ৷ শেহতীয়াকৈ শ্বাবাক পাগল বুলি অভিহিত কৰি সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে অভিনেতাজনে (Hrithik Shaba latest news) ৷

বলীউডৰ আটাইতকৈ সুন্দৰ অভিনেতা হৃত্বিক ৰোশন আজিকালি তেওঁৰ চলচ্চিত্ৰতকৈ অধিক প্ৰেমৰ বাতৰিৰেহে অধিক চৰ্চাত আছে । বিবাহ বিচ্ছেদৰ পিছত হৃত্বিক পুনৰ পৰিছে প্ৰেমত ৷ এতিয়া হৃত্বিকৰ চাৰিওফালৰ পৃথিৱীখনত কেৱল মাথো শ্বাবা আজাদ ।

দুয়োকে সঘনাই একেলগে দেখিবলৈ পোৱা গৈছে ৷ কেতিয়াবা দুপৰীয়াৰ আহাৰ নতুবা কেতিয়াবা ৰাতিৰ আহাৰত পাপাৰাজীয়ে দুয়োকে ধৰা পেলাই ৷ শ্বাবা হৃত্বিকৰ ঘৰলৈয়ো গৈছে ।

Hrithik Shaba
হৃত্বিকে শ্বাবাক পাগল বুলি সম্বোধন কৰিলে

বৰ্তমান শ্বাবা অভিনেতা হৃত্বিকৰ পৰা আঁতৰি আছে । পুনেত তেওঁৰ এটা সংগীতানুষ্ঠান আছে যাৰ বাবে তেওঁ হৃতিকৰ পৰা আঁতৰি থাকিব লগীয়া হৈছে ৷ হৃত্বিকেও তেওঁৰ অনুপস্থিতি বাৰুকৈয়ে উপলব্ধি কৰিছে।

এয়া আমি কোৱা নাই হৃত্বিক ৰোশনৰ নতুন পোষ্টটোয়ে নিজেই কৈছে । সংগীতানুষ্ঠান আৰম্ভ হোৱাৰ আগতেই শ্বাবাই তাৰ পৰা এটা ভিডিঅ' শ্বেয়াৰ কৰিছে, যিটো হৃত্বিক ৰোশনে তেওঁৰ ইন্ষ্টা ষ্টোৰীত পোষ্ট কৰি বৰ্ণনা কৰিছে যে তেওঁ শ্বাবাক কিমান মনত পেলাইছে ! ভিডিঅ'টো শ্বেয়াৰ কৰি হৃত্বিক ৰোশনে লিখিছে, 'মইয়ো যদি তোমাৰ সৈতে তাত থাকিলোহেঁতেন'।

হৃত্বিক আৰু শ্বাবা চৰ্চালৈ তেতিয়া আহিছিল যেতিয়া দুয়োকে ৰাতিৰ আহাৰ গ্ৰহণ কৰাৰ পিছত মুম্বাইৰ এখন ৰেষ্টুৰেণ্টৰ পৰা ওলাই অহা দেখা গৈছিল । এতিয়া দুয়োয়ে সামাজিক মাধ্যমৰ জৰিয়তে এই উৰা বাতৰিত ইন্ধন যোগাই আছে (hrithik roshan latest update) । হৃত্বিক ৰোশনৰ হাতত কেইবাখনো নতুন ছবি আছে ৷

লগতে পঢ়ক: দ্য কাশ্মীৰ ফাইলছ সন্দৰ্ভত ক্ষোভ প্ৰকাশ অভিনেতা অক্ষয় কুমাৰৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.