ETV Bharat / sitara

Sonam Kapoor on hijab row:সোনম কাপুৰো সোমাই পৰিল বোৰ্খা বিতৰ্কত

দেশত চলি থকা বোৰ্খা বিতৰ্কত মন্তব্য কৰি ট্ৰ’ল খাইছে বলীউড অভিনেত্ৰী সোনম কাপুৰে (Sonam Kapoor on hijab row) ৷ শুকুৰবাৰে এই সংবেদনশীল বিষয়টোৰ ওপৰত নিজা মত দি চ’ছিয়েল মিডিয়াত এতিয়া ট্ৰেণ্ডিঙত আছে সোনম কাপুৰ আহুজা ৷ কি মন্তব্য দিছিল সোনমে জানো আহক...

hijab row
সোনম কাপুৰো সোমাই পৰিল বোৰ্খা বিতৰ্কত
author img

By

Published : Feb 12, 2022, 1:37 PM IST

চিটাৰা ডেস্ক, 12 ফ্ৰেব্ৰুৱাৰী: গণতান্ত্ৰিক দেশ এখনত পোছাক পৰিধানক লৈ চলি থকা বিতৰ্ক এতিয়া তুংগত উঠিছে ৷ হব্য-গব্য ব্যক্তিসকলেও সামাজিক মাধ্যমৰ জৰিয়তে প্ৰকাশ কৰিছে নিজৰ নিজৰ মত ৷

বলীউডৰ একাংশ কলা-কুশলীয়েও এই সন্দৰ্ভত মাত মাতি খাইছে ট্ৰ’ল ন’হলে পাইছে প্ৰশংসা ৷ শুকুৰবাৰে সোনম কাপুৰ আহুজাই, "টাৰবান যদি পছন্দ হ’ব পাৰে তেন্তে বোৰ্খা কিয় নোৱাৰে" বুলি বোৰ্খা বিতৰ্কক লৈ প্ৰশ্ন উত্থাপন কৰিলে !

hijab row
টাৰবান পৰিহিত এজন পুৰুষ আৰু হিজাব পৰিহিত এগৰাকী মহিলা

নিজৰ ইন্ষ্টাগ্ৰামত টাৰবান পৰিহিত এজন পুৰুষ আৰু হিজাব পৰিহিত এগৰাকী মহিলাৰ ফটো শ্বেয়াৰ কৰি সোনমে উত্থাপনে কৰিলে উক্ত প্ৰশ্নটো ৷

উক্ত পোষ্টটোৰ পিছতেই একাংশই আক্ৰমণৰ লক্ষ্য কৰি লৈছে অভিনেত্ৰী গৰাকীক ( Sonam Kapoor trolled for hijab comment) ৷ আনকি এনেধৰণে ট্ৰ’ল কৰিছে যে শনিবাৰৰ পুৱা মাইক্ৰ’ব্লগিং ছাইটত সোনম ট্ৰেণ্ডত আছিল ৷ অৱশ্যে এনেকুৱা এটা গুৰুত্বপূৰ্ণ বিষয়ত মাত মতাৰ বাবে একাংশই সোনমক ৱাহ-ৱাহ ও দিছে ৷

লগতে পঢ়ক: বোৰ্খা বিতৰ্কৰ মাজতে চাওঁ আহক বলীউডৰ কেইটামান বোৰ্খা পৰিহিত চৰিত্ৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.