ETV Bharat / sitara

বাহুবলী প্ৰভাষলৈ জন্মদিনৰ অলেখ শুভকামনা

author img

By

Published : Oct 23, 2020, 11:34 AM IST

দক্ষিণৰ জনপ্ৰিয় অভিনেতা প্ৰভাষৰ জন্মদিন উপলক্ষে ইটিভি ভাৰতৰ এক চমু অৱলোকন...

Happy Birthday Prabhas
বাহুবলী প্ৰভাষলৈ জন্মদিনৰ অলেখ শুভকামনা

চিটাৰা ডেস্ক,23 অক্টোবৰ : 41 বছৰত ভৰি দিলে দক্ষিণৰ জনপ্ৰিয় অভিনেতা প্ৰভাষে ৷ তেলেগু ছবিত অভিনয় কৰাৰ উপৰিও বলিউডত খোজ দি কম সময়ৰ ভিতৰতে জনপ্ৰিয় হৈ উঠে অভিনেতা প্ৰভাষ ৷ 1979 চনৰ আজিৰ দিনটোতে তামিলনাডুত জন্মগ্ৰহণ কৰা প্ৰভাষৰ প্ৰকৃত নাম Uppalapati Venkata Suryanarayana Prabhas Raju ৷

2002 চনত তেলেগু এক্সন ড্ৰামা ছবি ‘Eeswar’ৰ সৈতে ছবিজগতত ভৰি দিছিল প্ৰভাষ ৷ তেওঁৰ ‘Mirchi’ ছবিখনৰ বাবে তেওঁ ‘Best Actor’ৰ Nandi Award লাভ কৰিবলৈ সক্ষম হয় ৷ প্ৰভাষ হৈছে প্ৰথম দক্ষিণৰ অভিনেতা যাৰ Madame Tussaud's wax museumত ম’মৰ প্ৰতিমূৰ্তি সংৰক্ষণ কৰা হৈছে ৷ অভিনেতাৰ লগতে প্ৰভাষ এগৰাকী B.Tech ডিগ্ৰীধাৰী ৷

পৰৱৰ্তী সময়ত তেওঁ Varsham (2004),Chatrapathi (2005),Chakram (2005),Billa (2009),Darling (2010),Mr. Perfect (2011), and Mirchi (2013)ৰ লগতে সৰহসংখ্যক ছবিত অভিনয় কৰি দৰ্শকৰ মন জয় কৰাৰ লগতে বহু ছবি বঁটা লাভ কৰে ৷ 2015 চনত ‘Baahubali: The Beginning’ ছবিখনত এক দুৰ্দান্ত অভিনয়ৰে প্ৰভাষে দক্ষিণৰ লগতে সমগ্ৰ ভাৰতৰ ছবিপ্ৰেমী ৰাইজক মন্ত্ৰমুগ্ধ কৰিবলৈ সক্ষম হয় ৷ তেওঁৰ এই ছবিখনে চতুৰ্থ সৰ্বাধিক উপাৰ্জনকাৰী ভাৰতীয় ছবি হিচাপে স্বীকৃতি লাভ কৰে ৷

2017 চনত মুক্তি লাভ কৰা ইয়াৰ পৰৱৰ্তী সংস্কৰণ ‘Baahubali 2: The Conclusion’য়ে 1,000 কোটি টকা উপাৰ্জন কৰি দ্বিতীয় সৰ্বাধিক উপাৰ্জনকাৰী ভাৰতীয় ছবি হিচাপে স্বীকৃতি লাভ কৰে ৷ দৰ্শকৰ বাবে প্ৰভাষৰ এই ছবিখন সকলো ভাষাতে উপলব্ধ ৷

  • Wishing the man with a golden heart ,
    A man who’s every move I have subconsciously started celebrating,
    Darling #Prabhas Anna a very Happy Birthday ....❤️
    Wishing you a King Sized year ahead Anna,you deserve every second of it ❤️🤗😘#HappyBirthdayPrabhas 🤟🏽 pic.twitter.com/DWoZsL6Xju

    — Sundeep Kishan (@sundeepkishan) October 23, 2020 " class="align-text-top noRightClick twitterSection" data=" ">

আনহাতে 2017 চনৰ তেওঁৰ জন্মদিনৰ শুভক্ষণতে প্ৰভাষে তেওঁৰ প্ৰথমখন হিন্দী ছবি ‘Saaho’ৰ প’ষ্টাৰ মুকলি কৰিছিল ৷ ছবিখনত প্ৰভাষৰ বিপৰীতে মুখ্য নায়িকাত অভিনয় কৰিছিল অভিনেত্ৰী শ্ৰদ্ধা কাপুৰে ৷ ছবিখনে দৰ্শকৰ পৰা বিপুল সঁহাৰি লাভ কৰে ৷ প্ৰভাষক ভাৰতীয় Mahindra & Mahindra Limitedৰ ব্ৰেণ্ড এম্বেছাদৰ হিচাপে নিযুক্তি দিয়া হয় ৷

অভিনেতা প্ৰভাষে ছবি নিৰ্মাতাসকলক নিজৰ সুদক্ষ অভিনয়ৰে প্ৰভাৱিত কৰি আহিছে ৷ ‘বাহুবলী’ খ্যাত প্ৰভাষৰ জন্মদিনৰ শুভক্ষণত ইটিভি ভাৰতৰ তৰফৰ পৰা তেওঁলৈ জন্মদিনৰ অশেষ শুভেচ্ছা ৷

লগতে পঢ়ক : ঋত্বিক ৰোশনৰ মাতৃ ক'ভিড-19 ত আক্ৰান্ত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.