ETV Bharat / sitara

Birthday Special: Miss Indiaৰ পৰা Roadies লৈকে সহজ নাছিল নেহাৰ যাত্ৰা

author img

By

Published : Aug 27, 2021, 8:41 AM IST

Updated : Aug 27, 2021, 9:37 AM IST

আজি মিছ ইণ্ডিয়া তথা বলীউডৰ অভিনেত্ৰী নেহা ধুপীয়া(Neha Dhupia)ৰ জন্মদিন ৷ 41 বছৰত ভৰি দিলে সুন্দৰী নেহাই ৷ তেওঁৰ জন্মদিনৰ শুভক্ষণত আহক জুকিয়াই চাও তেওঁৰ ‘মিছ ইণ্ডিয়া’ৰ পৰা অভিনয় জগতৰ যাত্ৰা...

happy birthday neha dhupia
নেহা ধুপীয়াৰ জন্মদিন

চিটাৰা ডেস্ক, 27 আগষ্ট : ‘মিছ ইণ্ডিয়া’ৰ পৰা ‘ৰোডিছ’লৈকে এই যাত্ৰা সহজ নাছিল ৷ কিন্তু কোৱা হয়, পৰিশ্ৰম কৰিলে সফল হোৱাতো নিশ্চিত ৷ 2002 চনত ‘মিছ ইণ্ডিয়া’(Miss India)ৰ দৌৰত প্ৰথম স্থানত বৰ্তি থাকিবলৈ সক্ষম হোৱাৰ পাচতে বলীউড(Bollywood)ত স্থান পাইছিল এইগৰাকী মিছ ইণ্ডিয়াই ৷

এইগৰাকী বলীউডৰ মোহময়ী অভিনেত্ৰী তথা মডেল হৈছে নেহা ধুপীয়া(Neha Dhupia) ৷ তেওঁৰ আজি 41 বছৰীয়া জন্মদিন ৷ স্পষ্টবাদীতা আৰু সাহসী গুণৰ অধিকাৰী হৈছে নেহা ধুপীয়া ৷ ছ’চিয়েল মিডিয়াত যথেষ্ট সক্ৰিয় থাকি সময়ে সময়ে অনুৰাগীসকলৰ সৈতে বাৰ্তালাপ কৰি থাকে নেহা ধুপীয়াই ৷

neha dhupia
নেহা ধুপীয়া

1980 চনৰ আজিৰ দিনটোতে কেৰালাৰ কোচিনৰ এটা শিখ পৰিয়ালত জন্ম হৈছিল মিছ ইণ্ডিয়া নেহাৰ ৷ ‘কয়ামত: দ্যা চিটী আণ্ডাৰ ট্ৰীট’ ছবিখনৰ জৰিয়তে বলীউডত আত্মপ্ৰকাশ ঘটিছিল বিউটি কুউন নেহা ধুপীয়াৰ ৷ মিছ ইণ্ডিয়াৰ উপৰিও তেওঁ ‘মিছ ইউনিভাৰ্ছ’ প্ৰতিযোগিতাতো দহগৰাকী প্ৰতিযোগীৰ ভিতৰত এগৰাকী আছিল ৷

সংগ্ৰাম আৰু কঠোৰ পৰিশ্ৰমৰ জৰিয়তে বহু বছৰ পাচতহে বলীউডৰ এগৰাকী সফল অভিনেত্ৰী হিচাপে প্ৰতিষ্ঠা লাভ কৰিছিল নেহাই । তেওঁ ‘তুমহাৰী চুলু’ৰ দৰে চলচ্চিত্ৰত গুৰুত্বপূৰ্ণ চৰিত্ৰত অভিনয় কৰি এগৰাকী সফল অভিনেত্ৰী হিচাপে নিজকে প্ৰমাণিত কৰিবলৈ সক্ষম হয় । ছবিখনত তেওঁ ৰূপায়ন কৰা চৰিত্ৰটোৰ বাবে নেহাক শ্ৰেষ্ঠ সহ অভিনেত্ৰীৰ স্ক্ৰীণ বঁটাৰে পুৰস্কৃত কৰা হয় ৷

neha's family
নেহাৰ পৰিয়াল

2018 চনৰ 10 মে’ত অভিনেতা অংগদ বেদীৰ(Angad Bedi)ৰ সৈতে বিবাহপাশত আৱদ্ধ হয় নেহা ধুপীয়া । একে বৰ্ষৰে 18 নৱেম্বৰত মেহেৰ নামৰ এটি কন্যা সন্তান জন্ম দিয়ে নেহাই ৷ সম্প্ৰতি দ্বিতীয়বাৰৰ বাবে মাতৃ হ’বলৈ ওলাইছে অভিনেত্ৰীগৰাকী ৷ প্ৰথম ৰিয়েলিটি শ্ব’ হিচাপে তেওঁ 2016 চনত ‘ৰোডিছ’ৰ পঞ্চম চিজনত এগৰাকী গেংগ লীডাৰ হিচাপে অংশগ্ৰহণ কৰে ৷ তেতিয়াৰে পৰা ৰিয়েলিটি শ্ব’টোৰ প্ৰতিটো চিজনত ভাগ লৈ আছে নেহাই ৷

neha-angad
নেহা-অংগদ

হিন্দী ছবিৰ উপৰিও নেহাই তামিল, তেলেগু, পাঞ্জাৱী আৰু এখন পাকিস্তানী চলচ্চিত্ৰতো কাম কৰিছে । 2000 চনত ‘নিনজা ডেনছেট্চু’(Ninja Densetsu) ছবিখনেৰে সৈতে জাপানীজ চলচ্চিত্ৰতো কাম কৰাৰ সুবিধা লাভ কৰে অভিনেত্ৰীগৰাকীয়ে ৷ ফিট্ আৰু বোল্ড লুকৰ বাবে জনপ্ৰিয় মিছ ইণ্ডিয়া নেহা ধুপীয়াক ছ’ছিয়েল মিডিয়াযোগে ওপজা দিনৰ ওলগ জনাইছে অসংখ্য অনুৰাগী, আত্মীয় আৰু বন্ধু-বান্ধৱীয়ে ৷

ইটিভি ভাৰত চিটাৰাৰ তৰফৰ পৰাও সুন্দৰী নেহা ধুপীয়ালৈ থাকিল জন্মদিনৰ অলেখ শুভকামনা ৷

লগতে পঢ়ক: 'শ্বেৰশ্বাহ': কংগনা ৰাণাৱটে প্ৰশংসাৰে ওপচালে কৰণ জোহৰক !

Last Updated : Aug 27, 2021, 9:37 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.