চিটাৰা ডেস্ক,17 অক্টোবৰঃ প্ৰথমবাৰৰ বাবে গুৱাহাটীত অনুষ্ঠিত হ'ব 2020 বৰ্ষৰ ফিল্ম ফেয়াৰ এৱাৰ্ড ৷ জানিব পৰা মতে,ৰাজ্য চৰকাৰে অসমৰ পৰ্যটন ক্ষেত্ৰখন ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰচাৰ কৰাৰ এক অংশ হিচাপে এই এৱাৰ্ড শ্ব'টো গুৱাহাটীত অনুষ্ঠিত কৰাৰ পদক্ষেপ গ্ৰহণ কৰিছে ৷ 15 ফেব্ৰুৱাৰীত অনুষ্ঠিত হ'ব লগা জনপ্ৰিয় তথা আকৰ্ষণীয় অনুষ্ঠানটোৰ বাজেট 20ৰ পৰা 30 কোটি ধাৰ্য কৰা হৈছে ৷
টাইমচ অফ ইণ্ডিয়া গ্ৰুপে 1954 চনৰ পৰাই অনুষ্ঠিত কৰি আহিছে এই বঁটা প্ৰদান অনুষ্ঠান ৷ ইতিমধ্যে টাইমচ অফ ইণ্ডিয়া গ্ৰুপে অসম পৰ্যটন নিগমৰ লগত আলোচনাত কৰাৰ লগতে পৰ্যবেক্ষণ কৰিছে সৰুসজাই ষ্টেডিয়াম ৷ কিছুদিনৰ পিছতে এই সন্দৰ্ভত সকলোখিনি কথাই স্পষ্ট হোৱাৰ সম্ভাৱনা আছে ৷