ETV Bharat / sitara

গোবিন্দাৰ পুত্ৰক নিজৰ গাড়ীৰে খুন্দিয়াই খবৰ নল'লে যশৰাজ পৰিয়ালে

author img

By

Published : Jul 1, 2020, 7:57 PM IST

কিছুদিন পূৰ্বে দুৰ্ঘটনাত পতিত হৈছিল বলীউডৰ জনপ্ৰিয় অভিনেতা গোবিন্দাৰ পুত্ৰৰ গাড়ী ৷ গোবিন্দাৰ পুত্ৰ হৰ্ষবৰ্দ্ধনৰ গাড়ীত খুন্দা লাগিছিল যশৰাজৰ পত্নীৰ গাড়ীৰ ৷ ফলত আঘাতপ্ৰাপ্ত হৈছিল গোবিন্দাৰ পু্ত্ৰ ৷ গুৰুতৰ ভাৱে আঘাত প্ৰাপ্ত নোহোৱাৰ বাবে আৰক্ষীক খবৰ নিদিলে গোবিন্দাৰ পৰিয়ালে ৷ কিন্তু গোবিন্দা আচৰিত হৈছে এটা কথাত যে, বৰ্তমানলৈকে গোবিন্দাৰ পুত্ৰৰ খবৰ এটা লোৱাৰো প্ৰয়াস কৰা নহ'ল যশৰাজ পৰিয়ালৰ তৰফৰ পৰা ৷

govinda son was hit by yash raj films car says he is shocked they havenot called him yet
গোবিন্দাৰ পুত্ৰক নিজৰ গাড়ীৰে খুন্দিয়াই উঠি খবৰ এটা নল'লে যশৰাজ পৰিয়ালে

চিটাৰা ডেস্ক,1 জুলাইঃ কিছুদিন পূৰ্বে মুম্বাইত দুৰ্ঘটনাত পতিত হয় বলীউডৰ জনপ্ৰিয় অভিনেতা গোবিন্দাৰ পুত্ৰৰ গাড়ী ৷ গোবিন্দাৰ পুত্ৰ হৰ্ষবৰ্ধনৰ গাড়ীৰ সৈতে খুন্দা লাগিছিল ছবি নিৰ্মাতা যশ চোপ্ৰাৰ পত্নী পামেলা চোপ্ৰাৰ গাড়ীৰ ৷ ফলত আঘাতপ্ৰাপ্ত হৈছিল হৰ্ষবৰ্ধন ৷ দুৰ্ঘটনাটোত গুৰুতৰ ভাৱে আঘাত নোপাৱাৰ বাবেই গোবিন্দাৰ পৰিয়ালৰ তৰফৰ পৰা আৰক্ষীক কোনোধৰণৰ গোচৰ আৰোপ কৰা নহ'ল ৷

কিন্তু গোবিন্দা এটা কথাত আচৰিত হৈছে যে,বৰ্তমানলৈকে গোবিন্দাৰ পুত্ৰ হৰ্ষবৰ্ধনৰ খবৰ এটা লোৱাৰো প্ৰয়াস কৰা নহ'ল যশৰাজ পৰিয়ালৰ তৰফৰ পৰা ৷ গোবিন্দাই শেহতীয়াকৈ এটা সাক্ষাৎকাৰ যোগে কয় যে, দুৰ্ঘটনাটো হোৱাৰ ইমান দিনৰ পিছতো যশৰাজ পৰিয়ালৰ তৰফৰ পৰা এবাৰো তেওঁৰ পুত্ৰৰ স্বাস্থ্যৰ খবৰ লোৱা নহ'ল ৷ আনকি এটা ফোনো নাহিল বুলি আক্ষেপ কৰে অভিনেতাগৰাকীয়ে ৷

গোবিন্দাৰ পুত্ৰৰ দুৰ্ঘটনাৰ খবৰ পোৱাৰ পিছতে অনুৰাগীসকলে হৰ্ষবৰ্ধনৰ সু-স্বাস্থ্য কামনা কৰা পৰিলক্ষিত হৈছে ৷

অভিনেতাগৰাকীৰ কামৰ কথালৈ চালে, অভিনেতা গৰাকীক শেষবাৰৰ বাবে দেখা গৈছিল 2019ৰ কমেডী ছবি ৰংগীলা ৰাজাত ৷ তাৰ পিছৰ পৰা অভিনেতা গৰাকীক অভিনয় ক্ষেত্ৰত দেখাৰ সুযোগ লাভ কৰা নাই অনুৰাগীসকলে ৷

লগতে পঢ়কঃ'বাধাই হো'ৰ পৰিচালকৰ মতে 'টিউবলাইট' এখন অভাৰৰেটেড ছবি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.