ETV Bharat / sitara

পুনৰ ভিডিঅ' শ্বেয়াৰ কৰি অনুৰাগীৰ দৃষ্টি আকৰ্ষণ ৰিতেশৰ

হাস্যকৰ ভিডিঅ' আৰু মিম শ্বেয়াৰ কৰাৰ বাবে ছ'চিয়েল মিডিয়াত প্ৰায়ে চৰ্চিত হয় ৰিতেশ দেশমুখ আৰু জেনেলিয়া দেশমুখ । তেওঁলোকৰ ভিডিঅ' ছ'চিয়েল মিডিয়াত ভাইৰেল হোৱাৰ এটা কাৰণ হৈছে প্ৰাসংগিক আৰু হাস্যকৰ বিষয়বস্তু । শনিবাৰে ইনষ্টাগ্ৰাম পোষ্টযোগে ৰিতেশ দেশমুখে শ্বেয়াৰ কৰিছে দম্পতীটোৰ এটা ভিডিঅ' ।

author img

By

Published : Apr 3, 2021, 4:34 PM IST

জেনেলিয়াই বিয়াৰ ফটো দেখুৱাই থকা এটি ভিডিঅ' শ্বেয়াৰ কৰিলে ৰিতেশ দেশমুখে

চিটাৰা ডেস্ক, ৩ এপ্ৰিল: বলিউড অভিনেতা ৰিতেশ দেশমুখে শনিবাৰে পুনৰ এটা হাস্যকৰ ভিডিঅ' শ্বেয়াৰ কৰিছে । ইনষ্টাগ্ৰাম পোষ্টযোগে শ্বেয়াৰ কৰা এই ধেমেলীয়া ভিডিঅ'টোত দেখা গৈছে যে, অভিনেতা গৰাকীৰ পত্নী জেনেলিয়া দেশমুখে তেওঁৰ ফোনত তেওঁলোকৰ বিবাহৰ ফটোবোৰ ৰিতেশক চাবলৈ কৈ আছে । ভিডিঅ'টোত বেকগ্ৰাউণ্ড মিউজিক হিচাপে জগজিৎ সিঙৰ জিন জাখম ক' ৱক্ত ভৰ চলা হে তুম কিয় উনহে ছেড়ে জা ৰহে হ' শীৰ্ষক গীতটো শুনা গৈছিল ।

এই ভিডিঅ'টোত ৰিতেশৰ হাস্যকৰ অভিব্যক্তিয়ে অনুৰাগীক হাঁহিৰ খোৰাক যোগাইছে । বিগত বৰ্ষৰ অক্টোবৰ মাহত জেনেলিয়াই প্ৰকাশ কৰিছিল যে, তেওঁ স্বামীৰ সৈতে কাম কৰিব বিচাৰে । কেনে ধৰণৰ স্ক্ৰিপ্টত তেওঁলোকক একেলগে কাম কৰিব বিচাৰিব বুলি সোধা প্ৰশ্নৰ উত্তৰত জেনেলিয়াই কৈছিল যে, "তেওঁলোকে একেলগে অভিনয় কৰা বহুত দিন হৈছে । পুনৰ একেলগে কাম কৰাৰ সুযোগ পাব বুলিও অভিনেত্ৰীগৰাকীয়ে আশা ব্যক্ত কৰে । তেওঁ কয় যে, তেওঁ বৰ্তমান এনেধৰণৰ কামৰ সৈতে সম্পৰ্কিত স্ক্ৰীপ্ট পঢ়ি আছে ।

ৰিতেশে জেনেলিয়াক এই কামৰ বাবে সন্মতি প্ৰকাশ কৰিবলৈ কৈছিল । জেনেলিয়া আৰু ৰিতেশে তেওঁলোকৰ প্ৰথম বলিউড ছবি 'তুঝে মেৰী কছম'ৰ দৃশ্যগ্ৰহণস্থলীত লগ পাইছিল । ইয়াৰ পিছত ২০০৪ চনত মুক্তি লাভ কৰা 'মস্তি' আৰু ২০১২ চনত মুক্তি পোৱা 'তেৰে নাল লাভ হো গয়া'ত একেলগে অভিনয় কৰিছিল । ৰিতেশ আৰু জেনেলিয়াই ২০১২ চনত বিবাহপাশত আবদ্ধ হৈছিল আৰু তেওঁলোকৰ ৰহয়াল আৰু ৰিয়ান নামৰ দুজন পুত্ৰ আছে ।

লগতে পঢ়ক:'চলি চলি' ৰ বাবে কেনে প্ৰস্তুতি চলাইছিল কংগনাই

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.