চিটাৰা ডেস্ক, ২৪ ফেব্ৰুৱাৰী: সঞ্জয়লীলা ভাঞ্চালীৰ ছবি 'গংগুবাই কাথিয়াৱাড়ী'ৰ মুক্তিৰ দিন ঘোষণা কৰাৰ পিছত এইবাৰ টিজাৰ মুকলি কৰা হৈছে । বুধবাৰে ইনষ্টাগ্ৰাম পোষ্টযোগে ছবিখনৰ টিজাৰ শ্বেয়াৰ কৰি নিৰ্দেশকগৰাকীক ওপজা দিনৰ শুভেচ্ছা জ্ঞাপন কৰিলে অভিনেত্ৰী আলিয়া ভাটে । বুধবাৰে ৫৭ বছৰত ভৰি দিলে সঞ্জয়লীলা ভাঞ্চালীয়ে ।
আলিয়াই শ্বেয়াৰ কৰা টিজাৰত আলিয়াই ৰূপায়ণ কৰা চৰিত্ৰটোৰ কিছু আভাস দিয়া হৈছে । প্ৰথমবাৰৰ বাবে আলিয়াই সঞ্জয়লীলা ভাঞ্চালী নিৰ্দেশিত ছবিত অভিনয় কৰিছে । হুছেইন জেইদিৰ গ্ৰন্থ 'মাফিয়া কুইনছ অৱ মুম্বাই'ৰ এটা অধ্যায়ৰ আধাৰত 'গংগুবাই কাথিয়াৱাড়ী' ছবিখন নিৰ্মাণ কৰা হৈছে ।
- " class="align-text-top noRightClick twitterSection" data="
">
ছবিখনত কামাথিপুৰাৰ এখন পতিতালয়ৰ স্বত্বাধিকাৰী গংগুবাই কোথেৱালিৰ জীৱন কাহিনী নাটকীয় ৰূপত দাঙি ধৰা হৈছে । সঞ্জয়লীলা ভাঞ্চালী নিৰ্দেশিত ছবিখনত আলিয়াক এনে এগৰাকী পতিতাৰ ৰূপত দেখুওৱা হৈছে যি প্ৰথমে সময়ৰ পাকচক্ৰত পৰি এই মুম্বাইৰ নিষিদ্ধ এলেকাত প্ৰৱেশ কৰিছিল আৰু পিছত সমগ্ৰ কামাথিপুৰা অঞ্চলৰ পতিতালয় নিজৰ নিয়ন্ত্ৰণত ৰাখিবলৈ সক্ষম হৈছিল ।
আলিয়াৰ উপৰিও ছবিখনত অজয় দেৱগন, বিক্ৰান্ত মাছেই অভিনয় কৰিছে । ছবিখন বিগত বৰ্ষৰ ১১ ছেপ্টেম্বৰত মুক্তি দিয়াৰ কথা আছিল যদিও লকডাউনৰ বাবে মুক্তিৰ দিন পিছুৱাই দিয়া হয় ।
লগতে পঢ়ক:তৃতীয় মৃত্যু বাৰ্ষিকীত শ্ৰীদেৱীক সোঁৱৰণ জাহ্নৱী আৰু খুচীৰ