ETV Bharat / sitara

Gangubai Kathiawadi Controversy: মুক্তিৰ 2 দিন পূৰ্বে আইনী জঁটত 'গঙ্গুবাই কাথিয়াৱাড়ী'

আলিয়া ভাট অভিনীত গঙ্গুবাই কাথিয়াৱাড়ী মুক্তিৰ মাত্ৰ দুদিন পূৰ্বে আইনী জঁটত সোমাই পৰিছে । গঙ্গুবাইৰ পৰিয়াল আৰু কামথিপুৰাৰ লোকসকলে ছবিখনৰ বিৰুদ্ধে বিদ্ৰোহ কৰিছে(Gangubai Family against movie Gangubai Kathiawadi) ।

author img

By

Published : Feb 23, 2022, 5:39 PM IST

Gangubai Kathiawadi
মুক্তিৰ 2 দিন পূৰ্বে আইনী জঁটত 'গঙ্গুবাই কাথিয়াৱাড়ী'

চিটাৰা ডেস্ক, 23 ফ্ৰেব্ৰুৱাৰী: মুক্তিলৈ মাত্ৰ দুদিন থকা অৱস্থাত সঞ্জয় লীলা ভাঞ্চালীৰ বহু প্ৰতিক্ষীত ছবি আলিয়া ভাট অভিনীত 'গঙ্গুবাই কাথিয়াৱাড়ী' সোমাই পৰিছে আইনী জঁটত (Gangubai Kathiawadi is in controversy) । ক’ভিড-১৯ৰ বাবে বহুকেইবাৰ মুক্তিৰ দিন স্থিৰ কৰিও ছবিখন মুক্তি দিব পৰা নাছিল ।

এতিয়া ২৫ ফেব্ৰুৱাৰীত মুক্তি পাবলগীয়া ছবিখনৰ বাবে এক সমস্যাই দেখা দিছে । দৰাচলতে, গংগুবাইৰ পৰিয়ালে সঞ্জয় লীলা ভাঞ্চালীৰ বিৰুদ্ধে তেওঁৰ মাতৃ গংগুবাইৰ প্ৰকৃত প্ৰতিচ্ছবিখন নষ্ট কৰাৰ অভিযোগ উত্থাপন কৰিছে । ইতিমধ্যে ছবিখনৰ বিৰুদ্ধে আদালতত এখন আবেদন দাখিল কৰা হৈছে ।

Gangubai Kathiawadi
গঙ্গুবাই কাথিয়াৱাড়ীৰ বিৰুদ্ধে বিদ্ৰোহ

স্থানীয় বিধায়ক গৰাকীয়ে বোম্বাই উচ্চ ন্যায়ালয়ত দাখিল কৰিছে এখন আবেদন । তেওঁ ছবিখনত কামথিপুৰাৰ নাম সলনি কৰিবলৈ দাবী জনাইছে । বিষয়টোৰ ওপৰত বুধবাৰে উচ্চ ন্যায়ালয়ে শুনানি দিব ৷ মুম্বাইৰ কামাথিপুৰাৰ গংগুবাইৰ জীৱনৰ ওপৰত আধাৰিত ছবিখনৰ বিৰুদ্ধে গঙ্গুবাইৰ জীয়ৰী ববিতা গৌৰ আৰু নাতিনী বিকাশ গৌৰে আপত্তি দৰ্শাইছে । ববিতা আৰু বিকাশে কৈছে যে সঞ্জয় লীলা ভাঞ্চালীয়ে টকা উপাৰ্জনৰ বাবে ছবিখনত গঙ্গুবাইৰ প্ৰকৃত পৰিচয় মচি পেলাবলৈ চেষ্টা কৰিছে ।

Gangubai Kathiawadi
আইনী জঁটত 'গঙ্গুবাই কাথিয়াৱাড়ী'

গঙ্গুবাইৰ জীয়ৰী ববিতাই কয়, "মোৰ মায়ে কেতিয়াও কাকো গালি দিয়া নাছিল বা অশ্লীল ভাষাত কথা কোৱা নাছিল ৷ সকলোৱে তেওঁক গঙ্গুবাই নহয়, গঙ্গু মা নামেৰে মাতিছিল ৷ যিদৰে ছবিখনত দেখুওৱা হৈছে, মোৰ মায়ে কেতিয়াও তেনেকৈ কথা কোৱা নাছিল, ছবিখনত মোৰ মাৰ প্ৰকৃত পৰিচয় মচি পেলোৱাৰ প্ৰয়াস কৰা হৈছে " ৷

সমান্তৰালকৈ গঙ্গুবাইৰ নাতি বিকাশ গৌৰে কয়, "পৰিচালক সঞ্জয় লীলা ভাঞ্চালীয়ে তেওঁৰ নিজৰ নামৰ সৈতে মাতৃৰ নাম যোগ দি থৈছে, তেওঁ নিজৰ মাতৃক যথাযথ সন্মান কৰে, কিন্তু তেওঁ আনৰ মাতৃক সেইদৰে সন্মান নকৰে, এইটো ভুল, তেওঁ কেৱল ধনৰ বাবেই এইয়া কৰিছে ৷ আমি আমাৰ খ্যাতিৰ প্ৰতি গুৰুত্ব নিদিওঁ । কিন্তু ছবিখনৰ পিছত মানুহে আমাক কেনেদৰে চাব, তেওঁলোকে এই বিষয়ে চিন্তা কৰা উচিত " ৷

Gangubai Kathiawadi
গঙ্গুবাই কাথিয়াৱাড়ীৰ বিৰুদ্ধে বিদ্ৰোহ

ইয়াত, গংগুবাইৰ পৰিয়ালৰ উপৰিও, কামাথিপুৰাৰ লোকসকলেও ছবিখনৰ বিৰুদ্ধে মাত মাতিছে । কামথিপুৰাৰ লোকসকলে কয় যে, যেতিয়াৰ পৰা 'গংগুবাই কাথিয়াৱাড়ী' বোলছবিখনৰ ট্ৰেইলাৰ মুকলি হৈছে, তেতিয়াৰ পৰাই ৰেড লাইট এলেকাৰ দৃষ্টিকোণৰ পৰা কামাথিপুৰাক ৰাইজে চাবলৈ আৰম্ভ কৰিছে (Kamathipura people against Gangubai Kathiawadi) । একাংশৰ অভিযোগ, অঞ্চলটোক বদনাম কৰাৰ ই এক ইচ্ছাকৃত প্ৰয়াস । কামাথিপুৰাৰ ৰাইজে ছবিখনৰ মুক্তিৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰাৰ দাবী জনাইছে ।

লগতে পঢ়ক: Bollywood Actresses who play Prostitute: পতিতাৰ চৰিত্ৰ ৰপায়ন কৰা 6 গৰাকী বলীউড তাৰকা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.