নিউজ ডেস্ক, ৫ মাৰ্চঃ মুকলি হ'ল ভূষণ কুমাৰৰ প্ৰযোজনাত নিৰ্মিত একচন ধৰ্মী ছবি 'মলংগ'ৰ ফাৰ্ষ্ট লুক। ছবিখনত অভিনয় কৰিছে অনিল কাপুৰ, কুনাল কেমু, আদিত্য ৰায় কাপুৰ আৰু দিশা পাটানীয়ে। 'মলংগ'ত অভিনীত আটাইকেইগৰাকী অভিনেতাই নিজৰ ইনষ্টাগ্ৰাম পেজত শ্বেয়াৰ কৰিছে ছবিখনৰ ফাৰ্ষ্ট লুক।
পৰিচালক মোহিত চুৰীয়ে ছ'চিয়েল মিডিয়াত প্ৰকাশ কৰা অনুসৰি আগন্তুক বৰ্ষত ভেলেণ্টাইন ডেত মুকলি হ'ব ছবিখন। ইফালে, জ্যেষ্ঠ অভিনেতা অনিল কাপুৰে ইনষ্টাগ্ৰামত ছবিখনৰ ফাৰ্ষ্ট্ৰ লুক শ্বেয়াৰ কৰি আটাইকেইগৰাকী প্ৰতিভাশালী অভিনেতাৰ লগত কাম কৰিব পাই আনন্দিত বুলি প্ৰকাশ কৰে। একেদৰে, ছবি সমালোচক তৰণ আদৰ্শেও টুইটাৰযোগে ২০২০ বৰ্ষত ছবিখন মুক্তি লাভ কৰিব বুলি উল্লেখ কৰে।
উল্লেখ্য যে, সম্প্ৰতি অনিল কাপুৰৰ 'টোটেল ধামাল' ছবিখনে বক্স অফিচত ১০০ কোটিৰ অধিক অৰ্জন কৰিবলৈ সক্ষম হৈছে। আনহাতে, চলিত বৰ্ষত মুক্তি পাব আদিত্য ৰায় কাপুৰ আৰু দিশা পাটানী অভিনীত দুখনকৈ ছবি। দিশা পাটানীক ছলমান খানৰ ছবি 'ভাৰত'ত দেখা পোৱাৰ বিপৰিতে আদিত্য ৰায় কাপুৰক দেখা যাব 'কলংক' ছবিখনত। ২০১৯ বৰ্ষৰ শেষৰ ফালে ছবিঘৰলৈ আহিব এই দুয়োখন ছবি ।