ETV Bharat / sitara

ফিল্মফেয়াৰ বঁটা লাভ কৰি প্ৰতিক্ৰিয়া প্ৰকাশ তাপসী পান্নুৰ

author img

By

Published : Apr 3, 2021, 5:11 PM IST

'অৱশেষত ছবি উদ্যোগটোৱে মোৰ প্ৰতিভাক স্বীকৃতি দিছে' । একেৰাহে দুবাৰকৈ ফিল্মফেয়াৰ বঁটা লাভ কৰি এইদৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে অভিনেত্ৰী তাপসী পান্নুৱে ।

একেৰাহে দুবাৰকৈ ফিল্মফেয়াৰ বঁটা লাভ কৰি উৎফুল্লিত তাপসী পান্নু

চিটাৰা ডেস্ক, ৩ এপ্ৰিল: বিগত কেইটামান বছৰত কেইবাখনো ছুপাৰহিট ছবিত অভিনয় কৰি দৰ্শকৰ সমাদৰ লাভ কৰিবলৈ সক্ষম হোৱা অভিনেত্ৰী তাপসী পান্নুৱে দ্বিতীয়বাৰৰ বাবে ফিল্মফেয়াৰ বঁটা লাভ কৰাৰ পাছতে শেহতীয়াকৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে । তেওঁ কৈছে যে, অৱশেষত ছবি উদ্যোগটোৱে তেওঁৰ কঠোৰ পৰিশ্ৰমক স্বীকৃতি দিছে । একেৰাহে দ্বিতীয়টো বছৰতো শ্ৰেষ্ঠ অভিনেত্ৰীৰ শ্ৰেণীত ফিল্মফেয়াৰ বঁটা লাভ কৰিছে তাপসীয়ে ।

তাপসী পান্নু অভিনীত 'থপ্পড়' ছবিখনে ৬৬ সংখ্যক ফিল্মফেয়াৰ বঁটাৰ কেইবাটাও শ্ৰেণীত বঁটা লাভ কৰিবলৈ সক্ষম হৈছে । ছবিখনে শ্ৰেষ্ঠ ছবি, শ্ৰেষ্ঠ অভিনেত্ৰী, শ্ৰেষ্ঠ কাহিনী, শ্ৰেষ্ঠ কণ্ঠশিল্পী(পুৰুষ), শ্ৰেষ্ঠ ধ্বনি ডিজাইন, শ্ৰেষ্ঠ সম্পাদনা আৰু শ্ৰেষ্ঠ পটভূমিৰ শ্ৰেণীত বঁটা লাভ কৰিছিল । তাপসীৰ মতে, ছবি উদ্যোগৰ স্বীকৃতি লাভ কৰাতো গুৰুত্বপূৰ্ণ, কিন্তু ছবিখনত 'অমৃতা'ৰ চৰিত্ৰ ৰূপায়ণ কৰাৰ বাবে দৰ্শকৰ পৰা লাভ কৰা প্ৰতিক্ৰিয়াই দিয়া আনন্দ কোনো পুৰস্কাৰে দিব নোৱাৰে ।

তেওঁ কয় যে, 'থপ্পড়' ছবিখনে মুক্তি লাভ কৰাৰে পৰা তেওঁ বহুতো চিঠি, কবিতা, বাৰ্তাৰ ৰূপত 'পুৰস্কাৰ' লাভ কৰি আহিছে, যিয়ে তেওঁক 'অমৃতা'ৰ চৰিত্ৰ ৰূপায়ণ কৰাৰ বাবে দৰ্শকৰ হৃদয়ত এটা বিশেষ স্থান দিয়াৰ কথা অনুভৱ কৰাইছিল । অনুৰাগীৰ লগতে কিছুমান আনন্দদায়ক প্ৰতিক্ৰিয়া ছবি উদ্যোগৰ পৰাও তেওঁ লাভ কৰিছিল । অভিনেত্ৰীগৰাকীয়ে লগতে কয় যে, তেওঁ কৰা কঠোৰ পৰিশ্ৰমে স্বীকৃতি লাভ কৰিছে আৰু ছবি উদ্যোগে এতিয়া তেওঁৰ উপস্থিতিৰ উমান পাইছে ।

তেওঁ লগতে কয় যে, মাত্ৰ এবছৰ নহয়, তেওঁ দশকজুৰি এই সন্মান লাভৰ বাবে কষ্ট কৰি অহাৰ দৰে অনুভৱ হৈছে । তাপসী পান্নুৱে বৰ্তমান ভাৰতীয় মহিলা এদিনীয়া ক্ৰিকেট দলৰ অধিনায়ক মিথালী ড'ৰাই ৰাজৰ জীৱনী কাহিনীৰ আধাৰত নিৰ্মিত ছবি 'ছাব্বাছ মিথু'ৰ বাবে প্ৰস্তুতি চলোৱাত ব্যস্ত হৈ আছে । ইয়াৰ উপৰিও, তাপসীক ৰহস্য থ্ৰিলাৰ 'হছিন দিলৰুবা'ত দেখা পোৱা যাব । ভিনিল মেথিউ পৰিচালিত ছবিখনত বিক্ৰান্ত মেছীৰ বিপৰীতে অভিনয় কৰিব তাপসীয়ে ।

লগতে পঢ়ক:বেলী নৃত্যৰ ভংগীমাৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিছে শানায়া কাপুৰে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.