ETV Bharat / sitara

দিল বেচাৰাই মুক্তিৰ পূৰ্বে ভাঙিলে চুপাৰহিট হলীউড ছবিৰ ৰেকৰ্ড

author img

By

Published : Jul 7, 2020, 8:21 PM IST

সুশান্ত সিং ৰাজপুতৰ অন্তিমখন ছবি দিল বেচাৰাৰ ট্ৰেইলাৰটোৱে মুক্তিৰ পিছতে ইউটিউবত বিশেষ ৰেকৰ্ড গঢ়িবলৈ সক্ষম হৈছে ৷ এই ট্ৰেইলাৰটোৱে বিশ্বৰ আটাইতকৈ ডাঙৰ ছবি এভেঞ্জাৰছঃএণ্ডগেম আৰু ইনফিনিটী ৱাৰকো পিছ পেলাইছে ৷

film dil bechara is the most liked trailer ever in 24 hours beating avengers endgame
দিল বেচাৰাই মুক্তিৰ পূৰ্বে ভাঙিলে চুপাৰহিট হলীউড ছবিৰ ৰেকৰ্ড

চিটাৰা ডেস্ক,7 জুলাইঃ সুশান্ত সিং ৰাজপুতৰ শেষৰ খন ছবি দিল বেচাৰাৰ বাবে অনুৰাগীসকল যথেষ্ট উৎসাহী হৈ থকাৰ লগতে যথেষ্ট আৱেগিক হৈ আছে ৷

  • " class="align-text-top noRightClick twitterSection" data="">

বিগত 6 জুলাই তাৰিখে মুক্তি পালে ছবিখনৰ ট্ৰেইলাৰ ৷ ট্ৰেইলাৰটোৱে যথেষ্ট সমাদৰ লাভ কৰিলে দৰ্শকৰ পৰা ৷ ইমানেই দৰ্শকৰ মৰম পালে যে মুক্তিৰ পূৰ্বেই ছবিখনৰ ট্ৰেইলাৰে গঢ়িলে ৱৰ্ল্ড ৰেকৰ্ড ৷ ইউটিউবত আটাইতকৈ বেছি মানুহে চোৱা ট্ৰেইলাৰ হিচাপে ৰেকৰ্ড গঢ়িলে দিল বেচাৰাৰ ট্ৰেইলাৰটোৱে ৷

24ঘন্টাৰ ভিতৰত ইউটিউবত ট্ৰেইলাৰটোৱে 50 লাখ লাইক লাভ কৰিবলৈ সক্ষম হৈছে ৷ যি বৰ্তমানলৈকে আটাইতকৈ ডাঙৰ ব্লকবাষ্টাৰ ছবি এভেঞ্জাৰছঃইনফিনিটী ৱাৰ আৰু এভেঞ্জাৰছঃএণ্ডেগেমতকৈও অধিক ভিউজ পাবলৈ সক্ষম হৈছে ৷ বৰ্তমান সময়লৈকে ট্ৰেইলাৰটোৰ ভিউজৰ সংখ্যা 32 মিলিয়ন আৰু লাইকৰ সংখ্যা 6.3 মিলিয়ন ৷

জনাই থওঁ যে, মুকেশ ছাৱৰাই পৰিচালনা কৰিছে দিল বেচাৰা নামৰ হিন্দী ৰোমান্টিক ছবিখন ৷ ছবিখনত সুশান্ত সিং ৰাজপুতৰ সৈতে অভিনয় কৰিছে নৱাগতা অভিনেত্ৰী সঞ্জনা সাংঘীয়ে ৷ ছবিখন অহা 24 জুলাইৰ দিনা ডিজিটেলি মুক্তি লাভ কৰিব ডিজনী প্লাছ হটষ্টাৰত ৷

লগতে পঢ়কঃসুশান্তৰ অন্তিমখন ছবিৰ ট্ৰেইলাৰে ভাবুক​ কৰি তুলিলে অনুৰাগীক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.