চিটাৰা ডেস্ক, 19 জুলাই : বলীউডৰ জনপ্ৰিয় অভিনেতা ফাৰহান আখতাৰ (Farhan Akhtar)ৰ আহিবলগীয়া ছবি ‘Toofaan’ৰ বাবে শৰীৰ চৰ্চাৰ এটা নতুন লুক (Look) গঢ়ি তুলিছে ফাৰহানে ৷ এই চৰিত্ৰটোৰ বাবে 6 সপ্তাহত 15 কেজি ওজন বৃদ্ধি কৰে ফাৰহানে ৷ প্ৰয়াত দৌৰবিদ মিলখা সিং (Milkha Singh)ৰ মৃত্যুৰ পূৰ্বে মাৰ্চ মাহত মুক্তিলাভ কৰা ছবিখনৰ টিজাৰ (Teaser) উপভোগ কৰি ফাৰহানৰ প্ৰশংসাত পঞ্চমুখ হয় প্ৰয়াত দৌৰবিদগৰাকী ৷ শেহতীয়াকৈ ফাৰহানে ছবিখনৰ এখন প’ষ্টাৰ শ্বেয়াৰ কৰাৰ পাচত ফাৰহানক নতুন লুকৰ প্ৰশংসা কৰিছে অভিনেতা (Hrithik Roshan)য়ে ৷
- " class="align-text-top noRightClick twitterSection" data="
">
ইনষ্টগ্ৰামযোগে এখন ক’লাজ ফটো শ্বেয়াৰ কৰি ফাৰহানে কয় যে, তেওঁ 69.8 কেজিৰ পৰা 85 কেজি ওজন বৃদ্ধি কৰিছিল ৷ তাৰপাচত তেওঁ দেহৰ ওজন হ্ৰাস কৰিছিল যদিও ‘Toofaan’ৰ ‘আজিজ’ চৰিত্ৰটোৰ বাবে পুনৰ 76.9 কেজি ওজন বৃদ্ধি কৰে ফাৰহানে ৷ ("The many shapes and sizes of Ajju aka Aziz aka Toofaan. What a ride. 18 months of relentless work but worth every drop of sweat, every sore muscle and every pound gained and lost. ✊🏽 The stars behind the scenes - @samir_jaura @drewnealpt @anand.physio 👊🏽❤️.")
69ৰ পৰা 85 ? এয়া এক উন্মাদজনক বুলি ফাৰহানৰ শৰীৰৰ পৰিৱৰ্তনত মন্তব্য কৰে হৃত্বিক ৰোশনে ৷
- " class="align-text-top noRightClick twitterSection" data="">
এই পৰিৱৰ্তন সন্দৰ্ভত ফাৰহানে কয় যে, এইটো এটা সম্পূৰ্ণৰূপে প্ৰত্যাহ্বানমূলক বিষয় ৷ শৰীৰ চৰ্চাৰ সৈতে ওজন বৃদ্ধি কৰাৰ লগতে খাদ্যৰ ওপৰতো গুৰুত্ব দিবলগীয়া হৈছে ৷ তেওঁ অতিৰিক্ত 15 কেজি দেহৰ ওজন বৃদ্ধি কৰিছে ৷ OTT প্লেটফ’ৰ্ম আমাজন প্ৰাইম (Amazon Prime)ত মুক্তিলাভ কৰিবলগীয়া ‘Toofaan’ ছবিখনত ফাৰহানে আজিজ আলী (Aziz Ali) মূল চৰিত্ৰটো ৰূপায়ণ কৰিব ৷ ডোংৰীৰ এজন ডকাইতৰ পৰা কেনেদৰে ঘাত-প্ৰতিঘাতৰ মাজেৰে এজন বক্সাৰলৈ ৰূপান্তৰিত হয়, আজিজৰ সেই যাত্ৰা দেখুওৱা হ’ব এই ছবিখনত ৷
কিন্তু এটা ভুলৰ বাবে সকলো হেৰুৱাই পেলায় আজিজে ৷ আনহাতে, ছবিখনত অভিনেত্ৰী ম্ৰুণাল ঠাকুৰ (Mrunal Thakur) হ’ব ফাৰহানৰ প্ৰেয়সী আৰু পৰেশ ৰাৱাল (Paresh Rawal)ক আজিজৰ প্ৰশিক্ষকৰ ৰূপত দেখিবলৈ পাব ৷
লগতে পঢ়ক : মাজনিশা প্ৰচণ্ড বৰষুণত আৱদ্ধ মিকা সিং-আকাংক্ষা পুৰী