ETV Bharat / sitara

Honey Singhৰ পৰা বহু কোটি টকা দাবী পত্নীৰ: আজি আদালতে দিব শুনানি

শনিবাৰে দিল্লীৰ আদালতে গ্ৰহণ কৰিব Honey Singhৰ বিৰুদ্ধে পত্নীয়ে উত্থাপন কৰা গোচৰৰ শুনানি ৷ Honey Singhৰ বিৰুদ্ধে ঘৰুৱা হিংসাৰ অভিযোগ উত্থাপন কৰি শেহতীয়াকৈ আইনৰ কাষ চাপিছিল তেওঁৰ পত্নী শালিনী ৷ অন্তৱৰ্তীকালীন ক্ষতিপূৰণ(interim compensation) হিচাপে Honey Singhৰ পৰা ১০ কোটি টকা বিচাৰিছে পত্নী শালিনীয়ে ৷

Delhi court to hear plea against Honey Singh
Yo Yo Honey Singhৰ বিৰুদ্ধে ঘৰুৱা হিংসাৰ অভিযোগ
author img

By

Published : Aug 28, 2021, 3:20 PM IST

Updated : Aug 28, 2021, 4:02 PM IST

চিটাৰা ডেস্ক, 28 আগষ্ট : পঞ্জাৱী গায়ক তথা অভিনেতা Yo Yo Honey Singhৰ বিৰুদ্ধে তেওঁৰ পত্নীয়ে ঘৰুৱা হিংসাৰ অভিযোগ উত্থাপন কৰি আইনৰ কাষ চপাৰ পাচতে ভিন্নজনে ভিন্ন মত পোষণ কৰিছে ৷ এই ঘটনাক লৈ সকলোৰে মাজত মিশ্ৰিত প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱাৰ মাজতে শনিবাৰে দিল্লীৰ হাজাৰি আদালতে(Hazari Court) Honey Singhৰ বিৰুদ্ধে উত্থাপিত অভিযোগৰ শুনানি গ্ৰহণ কৰিব বুলি জানিব পৰা গৈছে ৷ Honey Singhৰ পত্নী শালিনী সিঙে ঘৰুৱা হিংসাৰ অভিযোগ উত্থাপন কৰি শেহতীয়াকৈ আইনৰ কাষ চাপিছিল ৷

3 আগষ্টত Chief Metropolitan Magistrate তানিয়া সিঙে Honey Singhক এখন জাননী জাৰি কৰি নইডাস্থিত তেওঁলোকৰ যুটীয়া মালিকানাধীন সম্পত্তি(jointly owned property in Noida )ত কোনো তৃতীয় পক্ষৰ অধিকাৰ সৃষ্টি নকৰিবলৈ নিৰ্দেশ দিয়ে ৷ ঘৰুৱা হিংসাৰ পৰা মহিলাৰ সুৰক্ষা আইনৰ অধীন(Protection of Women from Domestic Violence Act)ত দাখিল কৰা গোচৰটোৰ ভিত্তিত পত্নীৰ গহনা বা অন্যান্য সামগ্ৰীসমূহৰ ক্ষেত্ৰতো যিকোনো ব্যৱস্থা গ্ৰহণ কৰাৰ পৰা Honey Singhক বিৰত থাকিবলৈ নিৰ্দেশ দিয়া হৈছে ৷

লগতে পঢ়ক : গাৰ্হস্থ্য হিংসাৰ অভিযোগ সন্দৰ্ভত কি ক'লে হানি সিঙে ?

আবেদনখনত 38 বছৰীয়া শালিনীয়ে স্বামীৰ লগতে স্বামীৰ পৰিয়ালৰ লোকে তেওঁৰ ওপৰত শাৰীৰিক, মানসিক আৰু আৱেগিক উৎপীড়ন চলোৱা বুলি অভিযোগ উত্থাপন কৰিছে ৷ তেওঁ কয় যে, 2011 চনৰ 23 জানুৱাৰীত বিবাহপাশত আৱদ্ধ হোৱাৰ পাচৰে পৰা তেওঁৰ ওপৰত চলোৱা মানসিক উৎপীড়ন আৰু নিষ্ঠুৰতাৰ বাবে তেওঁ হতাশাত ভুগিছিল ৷

শালিনীয়ে আনকি স্বামী Honey Singhৰ বিৰুদ্ধে প্ৰৱঞ্চনাৰো অভিযোগ উত্থাপন কৰিছে ৷ শালিনীৰ অভিযোগ অনুসৰি, একাধিক মহিলাৰ সৈতে তেওঁৰ স্বামীৰ যৌন সম্পৰ্ক আছে ৷ পত্নীৰ অভিযোগ অনুসৰি Honey Singhএ বিয়াৰ আঙুঠি পৰিধান নকৰাৰ লগতে তেওঁলোকৰ বিবাহৰ ফটো সামাজিক মাধ্যমত প্ৰকাশ কৰাৰ বাবে তেওঁক নিৰ্দয়ভাৱে প্ৰহাৰ কৰিছিল ৷

লগতে পঢ়ক : ৰাজ কুন্দ্ৰাৰ পাছত এইবাৰ আইনৰ ৰোষত Yo Yo Honey Singh

তেওঁৰ ওপৰত ঘৰুৱা হিংসা সংঘটিত কৰাৰ বাবে শালিনীয়ে অন্তৱৰ্তীকালীন ক্ষতিপূৰণ(interim compensation) হিচাপে ১০ কোটি টকা বিচাৰিছে ৷ ইয়াৰ উপৰিও দিল্লীত সম্পূৰ্ণৰূপে সজ্জিত এটা বাসস্থানৰ বাবে প্ৰতি মাহে 5 লাখ টকা ভাড়া পৰিশোধ কৰিবলৈ গায়কগৰাকীক নিৰ্দেশ দিয়াৰ বাবে শালিনীয়ে আদালতক প্ৰাৰ্থনা জনাইছে ৷ বিধবা মাতৃৰ ওপৰত যাতে তেওঁ নিৰ্ভৰশীল হ'ব লগাত নপৰে তাৰ বাবে শালিনীয়ে আদালতক এই নিৰ্দেশ দিয়াৰ আহ্বান জনাইছে ৷

অৱশ্যে Honey Singhএ তেওঁৰ বিৰুদ্ধে উত্থাপিত সকলো অভিযোগ অস্বীকাৰ কৰিছে ৷ ইনষ্টাগ্ৰামযোগে সিঙে এইবুলি কয়, "মোৰ আৰু মোৰ পৰিয়ালৰ বিৰুদ্ধে মোৰ 20 বছৰীয়া সংগী/পত্নী শালিনী তলৱাৰে যি মিছা আৰু বিদ্বেষপূৰ্ণ অভিযোগ উত্থাপন কৰিছে তাৰ বাবে মই গভীৰভাৱে দুখিত" ৷

লগতে পঢ়ক : পুনৰ বিতৰ্কত হানী সিংঃ গোচৰ ৰুজু আৰক্ষীৰ

Last Updated : Aug 28, 2021, 4:02 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.