চিটাৰা ডেস্ক,7 ডিচেম্বৰ : অসুস্থ হৈ পৰিছে বলিউডৰ প্ৰখ্য়াত অভিনেতা দিলীপ কুমাৰ ৷ এই কথা জানিবলৈ দিয়ে অভিনেতা গৰাকীৰ পত্নী তথা অভিনেত্ৰী চাইৰা বানুৱে ৷ ক’ভিডৰ সংক্ৰমণৰ পৰাই অভিনেতা দিলীপ কুমাৰে সম্পূৰ্ণৰূপে আইশ্ব’লেচনত থাকে ৷ কিয়নো তেওঁৰ এই বয়সত দেহত ভাইৰাছ সংক্ৰমণ হোৱাৰ অধিক সম্ভাৱনা থাকে ৷
-
My love and greetings to all of you. God bless. pic.twitter.com/fyUhEI1iWk
— Dilip Kumar (@TheDilipKumar) February 12, 2019 " class="align-text-top noRightClick twitterSection" data="
">My love and greetings to all of you. God bless. pic.twitter.com/fyUhEI1iWk
— Dilip Kumar (@TheDilipKumar) February 12, 2019My love and greetings to all of you. God bless. pic.twitter.com/fyUhEI1iWk
— Dilip Kumar (@TheDilipKumar) February 12, 2019
এগৰাকী পত্নীৰ মান ৰাখি অভিনেতা গৰাকীক শুশ্ৰূষা কৰি থকা পত্নী চাইৰাই কয় যে, ‘‘এই ভালপোৱা কেৱল আনক দেখুৱাবলৈ নহয় ৷ মই তেওঁক ভালপাঁও আৰু তেওঁ মোৰ উশাহ’’ ৷
অভিনেতাগৰাকীৰ বৰ্তমানৰ স্বাস্থ্য সন্দৰ্ভত চাইৰাই প্ৰতিদিনে ভগৱানৰ ওচৰত কৃতজ্ঞতা স্বীকাৰ কৰাৰ কথা ব্যক্ত কৰে ৷ লগতে তেওঁ কয় যে, ‘‘তেওঁৰ স্বাস্থ্য় ভাল নহয় ৷ তেওঁ ঘৰৰ হলটোলৈ ওলাই আহি পুনৰ বিচনাত উঠে ৷ সকলোৱে তেওঁৰ সুস্বাস্থ্য কামনা কৰক’’ ৷
লগতে পঢ়ক : টেলিভিছন অভিনেত্ৰী দিব্যা ভাটনাগৰ আৰু নাই...