ETV Bharat / sitara

শীঘ্ৰে বিবাহপাশত আৱদ্ধ হ’ব দিয়া মিৰ্জা - Dia Mirza

মুম্বাইৰ প্ৰতিষ্ঠাত ব্যৱসায়ী বৈভৱ ৰেখিৰ সৈতে দিয়াৰ সম্পৰ্ক তথা বিবাহৰ কথাই ইতিমধ্যে সংবাদ মাধ্যমৰ শিৰোনাম দখল কৰিছে ৷ অৱশ্যে দিয়া তথা বৈভৱ ৰেখিয়ে বৰ্তমানলৈ এই সন্দৰ্ভত আনুষ্ঠানিক ঘোষণা কৰা নাই ।

Dia Mirza all set to tie the knot with businessman Vaibhav Rekhi on Feb 15?
শীঘ্ৰে বিবাহপাশত আৱদ্ধ হ’ব নেকি দিয়া মিৰ্জা !
author img

By

Published : Feb 13, 2021, 2:25 PM IST

চিটাৰা ডেস্ক,১৩ ফেব্ৰুৱাৰী: শীঘ্ৰে বিবাহপাশত আৱদ্ধ হ’ব বলীউডৰ অভিনেত্ৰী দিয়া মিৰ্জা ৷ ব্যৱসায়ী বৈভৱ ৰেখিৰ সৈতে ১৫ ফেব্ৰুৱাৰীত বিবাহপাশত আৱদ্ধ হ'ব বলীউডৰ অভিনেত্ৰীগৰাকী । কেৱল পৰিয়ালৰ লোক আৰু ঘনিষ্ঠ বন্ধুহে উপস্থিত থাকিব এই বিবাহ অনুষ্ঠানত । মুম্বাইৰ প্ৰতিষ্ঠিত ব্যৱসায়ী বৈভৱ ৰেখিৰ সৈতে দিয়াৰ সম্পৰ্ক তথা বিবাহৰ কথাই ইতিমধ্যে সংবাদ মাধ্যমৰ শিৰোনাম দখল কৰিছে ৷ দিয়াৰ অনুৰাগীসকলে ছ’চিয়েল মিডিয়াৰ জৰিয়তে অভিনেত্ৰীগৰাকীক শুভেচ্ছা জনাইছে ৷ অৱশ্যে দিয়া তথা বৈভৱ ৰেখিয়ে বৰ্তমানলৈ এই সন্দৰ্ভত আনুষ্ঠানিক ঘোষণা কৰা নাই ।

দিয়াই 2014 চনত চাহিল সংঘৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছিল । অৱশ্যে বিবাহৰ পাঁচ বছৰৰ পাছত 2019 চনত চাহিলৰ লগত বিবাহ বিচ্ছেদ হয় অভিনেত্ৰীগৰাকীৰ ৷ দিয়া বৰ্তমান দক্ষিণৰ চুপাৰষ্টাৰ নাগাৰ্জুন অভিনীত তেলেগু একচন-থ্ৰিলাৰ ছবিৰ কামত ব্যস্ত । নবাগত অহিশোৰ চোলেমানে ছবিখন পৰিচালনা কৰিব ৷ ছবিখনত চেয়ামি খেৰ আৰু অতুল কুলকাৰ্ণীয়েও অভিনয় কৰিছে ।

লগতে পঢ়ক : ছ’চিয়েল মিডিয়াত হিনা খানৰ ফটোৰ ধুমুহা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.