ETV Bharat / sitara

ঈদৰ শুভক্ষণত ছবিগৃহলৈ আহি আছে বহু প্ৰত্যাশিত ছবি ‘ৰাধে’

author img

By

Published : Jan 19, 2021, 9:00 PM IST

আগন্তুক ঈদত ছবিগৃহত মুক্তি পাব চলমান খানৰ ছবি ‘ৰাধে’ ৷ টুইটাৰযোগে মঙলবাৰে এই কথা ঘোষণা কৰে ছবিখনৰ মূল নায়ক চলমান খানে ৷

Radhe
ৰাধে

চিটাৰা ডেস্ক,19 জানুৱাৰী : চলিত বৰ্ষৰ ঈদত ছবিগৃহত মুক্তিলাভ কৰিব বলিউডৰ ভাইজান চলমান খানৰ বহু প্ৰত্যাশিত ছবি ‘ৰাধে’ ৷ মঙলবাৰে টুইটাৰযোগে দৰ্শকলৈ এই সু-খবৰ প্ৰেৰণ কৰে অভিনেতা গৰাকীয়ে ৷ চলমানে এই সিদ্ধান্ত লোৱাৰ পূৰ্বে সমগ্ৰ দেশৰ প্ৰদৰ্শক সমিতিৰ পৰা অনুমতি গ্ৰহণ কৰে ৷

পৰিচালক প্ৰভুদেৱাৰ দ্বাৰা নিৰ্মিত এক্সন ছবি ৰাধে বিগত বৰ্ষৰ 22 মে’ত অৰ্থাৎ ঈদৰ সময়চোৱাত মুক্তিলাভ কৰাৰ কথা আছিল যদিও কৰ’ণা মহামাৰীৰ বাবে ছবিখনৰ মুক্তিলাভৰ তাৰিখ পিছুৱাই দিয়া হয় ৷ ইফালে বিগত মাহত চলমানৰ জন্মদিনৰ দিনা আগন্তুক ঈদত ক’ভিড প্ৰট’কল মানি ছবিখন ছবিগৃহত প্ৰদৰ্শন কৰাৰ সম্ভাৱনা আছে বুলি উল্লেখ কৰিছিল অভিনেতা গৰাকীয়ে ৷

ছবিখন প্ৰদৰ্শনৰ সময়ত দৰ্শকক সম্পূৰ্ণৰূপে ক’ভিড প্ৰট’কল মানি চলিবলৈ আহ্বান জনায় চলমানে ৷ পূৰ্বৰ ৰেকৰ্ড অনুসৰি, চলমানৰ ওৱাণ্টেড, ডাবাং, এক থা টাইগাৰ, কিক্, বজৰংগী ভাইজান আৰু বহু ছবি ঈদৰ শুভক্ষণত মুক্তিলাভ কৰিছে ৷ ৰাধেৰ বাবে এইবেলি ঈদলৈ অপেক্ষাৰত অনুৰাগীসকল ৷

ছবিখনত চলমানৰ বিপৰীতে মুখ্য নায়িকাৰ চৰিত্ৰত দেখা পাব দিশা পাটানীক ৷ লগতে অভিনয়ত আছে- ৰণদ্বীপ হুডা আৰু বৰ্ষীয়ান অভিনেতা জেকী শ্ৰোফ ৷ ৰাধেৰ সহ প্ৰযোজনাত আছে চলমান খান, ভাতৃ চোহেইল খান আৰু জোঁৱাই অতুল অগ্নিহোত্ৰী ৷

লগতে পঢ়ক : ক্ষমা প্ৰাৰ্থনা ‘তাণ্ডৱ’ৰ পৰিচালক আলী আব্বাছ জাফৰৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.