ETV Bharat / sitara

The Kashmir Files: কাইলৈ সদলবলে "দ্য কাশ্মীৰ ফাইলছ" উপভোগ কৰিব মুখ্যমন্ত্ৰীয়ে

author img

By

Published : Mar 14, 2022, 1:26 PM IST

Updated : Mar 14, 2022, 2:02 PM IST

15 মাৰ্চত ছবিগৃহত দ্য কাশ্মীৰ ফাইলছ উপভোগ কৰিব অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই (movie the kashmir files) ৷ বহুল চৰ্চিত ছবিখনক লৈ উৎসুক হৈ পৰিছে মুখ্যমন্ত্ৰী গৰাকী ৷

the kashmir files
চিনেমা হলত "দ্য কাশ্মীৰ ফাইলছ" চাব মুখ্যমন্ত্ৰীয়ে

গুৱাহাটী, ১৪ মাৰ্চ : সৰ্বত্ৰে এতিয়া দ্য কাশ্মীৰ ফাইলছৰ জ্বৰ (The Kashmir Files) ৷ দেশজুৰি চৰ্চিত হোৱা বলীউডৰ নতুন ছবি "দ্য কাশ্মীৰ ফাইলছ" উপভোগ কৰিব মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই । মঙলবাৰে সন্ধিয়া ৬ বজাত গুৱাহাটীৰ চিটি চেণ্টাৰত থকা PVR ছবিগৃহত সতীৰ্থ কেবিনেট মন্ত্ৰীসকলৰ উপৰিও বিজেপি বিধায়কসকলক লগত লৈ লগে ভাগে মুখ্যমন্ত্ৰীয়ে "দ্য কাশ্মীৰ ফাইলছ" উপভোগ কৰিব ৷

উল্লেখযোগ্য যে, ১৯৮৯-৯০ চনত কাশ্মীৰী পণ্ডিতসকলক পাকিস্তানৰ মদতপুষ্ট ইছলামিক উগ্ৰপন্থী সংগঠনসমূহে অত্যাচাৰ চলাই কাশ্মীৰৰ পৰা খেদি পঠাইছিল (kashmiri pandit attack incident) । আনকি বহুসংখ্যক কাশ্মীৰী পণ্ডিতক হত্যাও কৰা হৈছিল । যাৰ ফলস্বৰূপে বিগত প্ৰায় ডেৰ দশকজুৰি কেইবা হাজাৰো কাশ্মীৰী পণ্ডিত সম্প্ৰদায়ৰ লোক দিল্লীত ভগনীয়া হিচাপে বসবাস কৰিবলগীয়া হৈছে (movie on kashmiri pandits) ।

এই মৰ্মস্পৰ্শী সত্য ঘটনাটোক লৈ নিৰ্মাণ কৰা হৈছে "দ্য কাশ্মীৰ ফাইলছ" নামৰ ছবিখন (terrorist attcak on kashmiri pandits) । যোৱা সপ্তাহত দেশজুৰি মুক্তি পোৱা এই বহুচৰ্চিত ছবিখনৰ পৰিচালক হৈছে বিবেক অগ্নিহোত্ৰী । ছবিখনত অভিনয় কৰিছে অনুপম খেৰ, পল্লৱী যোশী, দৰ্শন কুমাৰ, মিথুন চক্ৰৱৰ্তী আদিয়ে (the kashmir files movie cast) । ইতিমধ্যে ভাৰতৰ বহুকেইখন ৰাজ্যত "দ্য কাশ্মীৰ ফাইলছ" ৰ আমোদ কৰো ৰেহাই দিছে সংশ্লিষ্ট ৰাজ্য চৰকাৰসমূহে ।

আনহাতে, অসমত ছবিখনৰ বিতৰকে এতিয়াও সকলো ছবিগৃহত এই ছবিখন প্ৰদৰ্শনৰ ব্যৱস্থা নকৰাৰ অভিযোগ‌ তুলি ইতিমধ্যে ৰাজ্যৰ চিনেমা হল মালিক সন্থাই মুখ্যমন্ত্ৰীৰ হস্তক্ষেপ দাবী কৰি অসমতো ছবিখনৰ আমোদ কৰ ৰেহাই দিবলৈ অনুৰোধ জনাইছে ।

লগতে পঢ়ক: দ্য কাশ্মীৰ ফাইল্ছ চাই চকুপানী ৰাখিব পৰা নাই দৰ্শকে

Last Updated : Mar 14, 2022, 2:02 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.