ETV Bharat / sitara

দুবছৰ সম্পূৰ্ণ সুশান্তৰ শেষ ছবি Chhichhor ৰ - Chhichhore

আজি দুবছৰ সম্পূৰ্ণ কৰিলে জনপ্ৰিয় ছবি Chhichhore এ ৷ ছবিখনৰ প্ৰতিটো চৰিত্ৰই আমাক আমাৰ কলেজীয়া দিনৰ স্মৃতিসমূহলৈ ওভতাই নিয়ে ৷

Chhichhore completes two years today
দুবছৰ সম্পূৰ্ণ কৰিলে সুশান্তৰ শেষ ছবি Chhichhore
author img

By

Published : Sep 6, 2021, 7:27 AM IST

চিটাৰা ডেস্ক, 6 ছেপ্তেম্বৰ : আজি দুবছৰ সম্পূৰ্ণ কৰিলে প্ৰয়াত অভিনেতা সুশান্ত সিং ৰাজপুত, অভিনেতা বৰুণ শৰ্মা, তাহিৰ ৰাজ ভাছিন, নবীন পলিচেট্টী, প্ৰতীক বব্বৰ, শ্ৰদ্ধা কাপুৰ অভিনীত ছবি Chhichhore এ ৷ ছবিখনে বক্স অফিচত যথেষ্ট সফলতা লাভ কৰিবলৈ সক্ষম হৈছিল ৷ ছবিখনৰ নিৰ্মাতা নীতেশ তিৱাৰীয়ে বহু চৰ্চিত ছবি Dangal ৰ পিছতেই কলেজীয়া বন্ধুত্বৰ ওপৰত ভিত্তি কৰি Chhichhore ছবিখন নিৰ্মাণ কৰিছিল ৷

ছবিখনত উল্লেখ কৰা কেইটামান বিশেষ ঘটনা যিয়ে আমাক কলেজৰ দিনলৈ ওভতাই লৈ যায় :

নবীন পলিচেট্টীৰ চিৰিত্ৰটোৰ সৈতে সুশান্তৰ চিনাকিৰ মুহুৰ্ত

ছবিখনৰ প্ৰতিটো চৰিত্ৰৰে নিজা নিজা বৈশিষ্ট্য় আছে ৷ নবীন পলিচেট্টী অভিনীত চৰিত্ৰটোৰ নাম আছিল ‘এচিড’, কাৰণ তেওঁ সদায় খঙত থাকে ৷ সুশান্তে নবীনৰ সৈতে চিনাকি হোৱা মুহুৰ্তটো আছিল যথেষ্ট ধেমেলীয়া ৷ গতিকে ‘এচিড’ৰ চৰিত্ৰটোৱে আমাক নিশ্চয়কৈ কলেজৰ সেইজন বন্ধুলৈ মনত পেলাব, যাৰ মুখত সচৰাচৰ গালি শুনিবলৈ পোৱা যায় ৷

তুষাৰ পাণ্ডেৰ ভাৰত্তোলন মেচখন

তুষাৰ পাণ্ডেৰ চৰিত্ৰটোৱে এখন ভাৰত্তোলন প্ৰতিযোগিতত অতি পাতল Bar উঠাবলগীয়া লয় ৷ প্ৰতিযোগিতাখনিত তুষাৰৰ জয়ৰ লগে লগে সুশান্তে মঞ্চলৈ গৈ তেওঁক আনন্দত এনেদৰে উঠায়, যেন কোনো খেলুৱৈয়ে ভাৰহে উত্তোলন কৰি আছে ৷

বন্ধু হিচাপে একতা

যেতিয়া মহম্মদ শামদ যি ছবিখনত সুশান্তৰ পুত্ৰ ৰাঘৱ পাঠকৰ চৰিত্ৰত অভিনয় কৰিছে তেওঁক হাস্পতালত ভৰ্তি কৰোৱা হয় তেতিয়াই তৎক্ষণাত সুশান্তৰ আটাইকেইগৰাকী কলেজীয়া বন্ধুৱেই তেওঁক সহায় কৰিবলৈ আগবাঢ়ি আহে ৷

সকলোৱে ৰাঘৱৰ সৈতে নিজৰ নিজৰ কাহিনী শ্বেয়াৰ কৰে

আটাইকেইগৰাকী বন্ধুৰে হাস্পতালত পুনৰ্মিলন হয়, যেতিয়া ৰাঘৱক হাস্পতালত ভৰ্তি কৰোৱা হৈছিল ৷ যেতিয়া ৰাঘৱে তেওঁলোকৰ কাহিনী শুনে ৰাঘৱ জীয়াই থকাৰ প্ৰতি আৰু অধিক আগ্ৰহী হৈ পৰে ৷ এজন এজনকৈ প্ৰতিজন বন্ধুৱে আহি ৰাঘৱক পৃথকে পৃথকে নিজৰ কলেজীয়া দিনৰ স্মৃতিসমূহ দাঙি কৰে ৷

পৰাজয়তো আনন্দ পোৱা

Chhichhore এ আমাক এটা অতি গুৰুত্বপূৰ্ণ পাঠ পঢ়ায় যে জীৱনত কেতিয়াবা বহু কষ্ট কৰিলেও আমি পৰাজিক হ’ব পাৰো ৷ কিন্তু পৰাজিত হ’লেই আমি পুনৰ চেষ্টা কৰা এৰি দিব নালাগে ৷ ছবিখনৰ শেষত এখন মেচত Chhichhore গেংটোৱে পৰাজয় বৰণ কৰিবলগীয়া হয়, যদিও তেওঁলোকে জীৱনৰ আটাইতকৈ গুৰুত্বপূৰ্ণ শিক্ষা গ্ৰহণ কৰে ৷

এই ছবিখনেই আছিল অভিনেতা সুশান্ত সিং ৰাজপুতৰ জীৱনৰ অন্তিমখন ছবি ৷ ছবিখনৰ শ্বুটিঙৰ সময়ৰ সুশান্তৰ সৈতে পাৰ কৰা সময়ৰ বিষয়ে মনত পেলাই তেওঁ সহ অভিনেতা তাহিৰে কৈছিল "সুশান্তক অভিনয় কৰাটো চোৱা আৰু তেওঁৰ সৈতে সময় পাৰ কৰাটো যথেষ্ট আনন্দদায়ক আছিল ৷ নিজকে আৰু অধিক উন্নত কৰি তোলাৰ লগতে নিজৰ কামৰ প্ৰতি থকা তেওঁৰ একান্ত নিষ্ঠাই আমাক সকলোকে যথেষ্ঠ অনুপ্ৰাণিত কৰিছিল" ৷

লগতে পঢ়ক : RSS আৰু তালিবানক একে আদৰ্শৰে অনুপ্ৰাণিত আখ্যা জাভেদ আখতাৰৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.