চিটাৰা ডেস্ক,4 অক্টোবৰ: বলিউড মেগাষ্টাৰ অক্ষয় কুমাৰে শনিবাৰে টুইটাৰযোগে এক ভিডিঅ’ শ্বেয়াৰ কৰি শেহতীয়াকৈ বলিউডত চৰ্চিত হোৱা ড্ৰাগছ ব্যৱহাৰ সন্দৰ্ভত নিজৰ মতামত ব্যক্ত কৰে ৷
ভিডিঅ’যোগে তেওঁ কয় যে,‘‘কিছু সপ্তাহৰ পৰা বহু কথাই মনলৈ আহি আছে,কিন্তু চাৰিওফালে ইমান ঋণাত্মক চৰ্চা যে কেনেকৈ আৰম্ভ কৰো ভাবিব পৰা নাই ৷ যদিও আমি একোজন বলিউডৰ ষ্টাৰ,কিন্তু আমিও বলিউডক অতি মৰমেৰে গঢ় দিছো ৷ আমি কেৱল এটা উদ্যোগ নহয়,ছবিৰ জৰিয়তে আমি আমাৰ দেশৰ সংস্কৃতি তথা মূল্যক সমগ্ৰ বিশ্বলৈ আগবঢ়াই দিছো’’ ৷
লগতে তেওঁ কয় যে,‘‘আজি যদি আপোনাৰ খং উঠিছে,সেই খং আমাৰ ওপৰতহে উঠিছে ৷ সুশান্ত সিং ৰাজপুতৰ মৃত্যুৰ পাচত বহু তথ্য পোহৰলৈ আহিছে ৷ তেওঁৰ মৃত্যুৱে আপোনাক যিমান দুখ দিছে,আমাকো সমানেই দুখ দিছে ৷ আমাৰ ছবি উদ্যোগে এনেকুৱা বহু প্ৰত্যাহ্বানৰ মুখামুখি হৈছে ৷ এতিয়া বলিউডত NCB আৰু ড্ৰাগছ সম্পৰ্কীয় বিষয় চৰ্চিত হৈ আছে ৷ কিন্তু সকলো প্ৰফেচনত প্ৰত্যেক গৰাকী লোক জড়িত হৈ নাথাকে’’ ৷
- " class="align-text-top noRightClick twitterSection" data="
">
অভিনেতা গৰাকীয়ে দৰ্শকক উদ্দেশ্যি কয় যে,‘‘শেষত দৰ্শকলৈ এটাই বাৰ্তা দিব বিচাৰো,আপোনালোকৰ মৰমেই আমাক আগুৱাই যোৱাত সহায় কৰিছে ৷ আপোনাৰ বিশ্বাসত আঘাত লাগিব নিদিওঁ ৷ যদি আপোনালোকে আমাক লৈ ক্ষোভিত হৈ আছে,আমি আৰু কষ্ট কৰিম ৷ আপোনালোকৰ মৰমৰ আৰু বিশ্বাস জয় কৰিম ৷ আপোনালোকে আছে বাবেই আমি আছো ৷ মাত্ৰ আমাৰ সৈতে সহযোগ কৰিব’’ ৷
লগতে পঢ়ক: প্ৰয়াত ইৰফান খানৰ সৈতে থকা ‘তিতা-মিঠা’ স্মৃতি শ্বেয়াৰ পুত্ৰ বাবীলৰ