ETV Bharat / sitara

#BoycottMirzapur2 ট্ৰেণ্ড সন্দৰ্ভত মুন্না ত্ৰিপাঠী ওৰফে দিব্যেন্দু শৰ্মাৰ প্ৰতিক্ৰিয়া - নেটিজেন্স

টুইটাৰত #BoycottMirzapur2 ট্ৰেণ্ডক লৈ প্ৰতিক্ৰিয়া ব্যক্ত মিৰ্জাপুৰৰ মুন্না ভাই ওৰফে দিব্যেন্দু শৰ্মাৰ ৷ এনেকুৱা পদক্ষেপৰ বাবে কলা-কুশলীসকল অসন্তুষ্ট বা বিৰক্তি হ’ব নালাগে অভিনেতা গৰাকীয়ে প্ৰতিক্ৰিয়া ব্যক্ত কৰে ৷

'Boycott Mirzapur 2' trend didn't bother Munna Tripathi aka Divyendu Sharma
#BoycottMirzapur2 ট্ৰেণ্ড সন্দৰ্ভত মুন্না ত্ৰিপাঠী ওৰফে দিব্যেন্দু শৰ্মাৰ প্ৰতিক্ৰিয়া
author img

By

Published : Oct 11, 2020, 5:09 PM IST

চিটাৰা ডেস্ক,11 অক্টোবৰ: অ’টিটি প্লেটফ’ৰ্মৰ অন্যতম হিট শ্ব’ মিৰ্জাপুৰৰ দ্বিতীয় সংস্কৰণৰ মুক্তিলাভৰ পূৰ্বে নেটিজেন্সৰ এক শ্ৰেণীয়ে শ্ব’টো বহিস্কাৰৰ দাবীৰে চ’ছিয়েল মিডিয়াত ট্ৰেণ্ড আৰম্ভ কৰে ৷ কিছুদিন পূৰ্বে দ্বিতীয় সংস্কৰণৰ ট্ৰেইলাৰ মুকলি হোৱাৰ পাচতে টুইটাৰযোগে #BoycottMirzapur2 হেশ্বটেগৰ সৈতে এই ট্ৰেণ্ড আৰম্ভ কৰা হয় ৷

মিৰ্জাপুৰ বিৰোধী এই ট্ৰেণ্ডক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে মিৰ্জাপুৰৰ প্ৰথম সংস্কৰণত মুন্না ভাইৰ ভূমিকা পালন কৰা অভিনেতা দিব্যেন্দু শৰ্মাই ৷ তেওঁ কয় যে,এনে ধৰণৰ পদক্ষেপৰ বাবে কলা-কুশলীসকল অসন্তুষ্ট বা বিৰক্তি হ’ব নালাগে ৷ লগতে তেওঁ কয় যে,মানুহে এনেধৰণৰ কাম কৰিব নালাগে ৷ কিয়নো সকলোৱে ‘মিৰ্জাপুৰ’ ভাল পায় ৷

উল্লেখ্য যে,অভিনেতা আলী ফজলৰ এটি পুৰণি টুইটক লক্ষ্য কৰি নেটিজেন্সৰ এক শ্ৰেণীয়ে মিৰ্জাপুৰ-2ৰ বহিষ্কাৰৰ দাবী জনায় ৷ অভিনেতা আলী ফজলেও এই শ্ব’ত অভিনয় কৰিছে আৰু নাগৰিকত্ব সংশোধনী আইনৰ বিৰোধিতা সন্দৰ্ভত মত প্ৰকাশ কৰিছিল ৷ নেটিজেন্সৰ শ্ৰেণীটোৱে ফজলৰ এই মন্তব্যৰ বিৰোধিতা কৰে ৷

2018 চনত অপৰাধমূলক শ্ব’ মিৰ্জাপুৰ-1য়ে মুক্তিলাভ কৰিছিল আৰু শ্ব’টোৱে জনপ্ৰিয়তা লাভ কৰিবলৈ সক্ষম হয় ৷ মিৰ্জাপুৰ-1ৰ সফলতাই অভিনেতা দিব্যেন্দু শৰ্মাৰ অভিনয় জীৱনতো সফলতা কঢ়িয়াই অনা বুলি তেওঁ জানিবলৈ দিয়ে ৷

লগতে পঢ়ক: এইমছৰ ৰোগীৰ শৈল্য চিকিৎসাৰ খৰচ বহন কৰিছে ৰিয়েল লাইফ হিৰ’ চনু চুডে

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.