চিটাৰা ডেস্ক, ১৭ জুন: বৃহস্পতিবাৰে বলীউড অভিনেতা অক্ষয় কুমাৰে(AKSHAY KUMAR) গুৰেজ উপত্যকাৰ নিয়ন্ত্ৰণ ৰেখাৰ সমীপৰ উত্তৰ কাশ্মীৰ(NORTH KASHMIR)ৰ বান্দীপ'ৰা জিলাৰ তুলাইল অঞ্চলত উপস্থিত হয় । দিনৰ প্ৰায় ১২ বজাত হেলিকপ্তাৰেৰে নীৰু গাঁৱত উপস্থিত হয় অভিনেতাগৰাকী ।
নীৰু গাঁৱত সেনা(ARMY) আৰু সীমা সুৰক্ষা বল(BSF)ৰ জোৱানৰ সৈতে বাৰ্তালাপ কৰে অভিনেতাগৰাকীয়ে । সীমা সুৰক্ষা বলৰ উদ্যোগত আয়োজিত এক অনুষ্ঠানত তেওঁ স্থানীয় লোকৰ সৈতে নৃত্যও কৰে ।
লগতে নীৰু গাঁৱত এখন বিদ্যালয় নিৰ্মাণৰ বাবে তেওঁ ১ কোটি টকাৰ বৰঙণি আগবঢ়ায় । ইয়াৰ পূৰ্বে তেওঁ শ্বহীদসকলক শ্ৰদ্ধাঞ্জলি জনায় । টুইটযোগে এই ভ্ৰমণসূচীৰ বিষয়ে প্ৰকাশ কৰে অভিনেতাগৰাকীয়ে ।
লগতে পঢ়ক:"ৰামায়ণ"ত সুমন্ত্ৰৰ চৰিত্ৰ ৰূপায়ন কৰা চন্দ্ৰশেখৰৰ দেহাৱসান