ETV Bharat / sitara

জন্মদিন বিশেষঃ ছবিজগতত নাচিৰুদ্দিন শ্বাহৰ যাত্ৰা - naseeruddin shah 70th birthday

হিন্দী ছবি জগতৰ এগৰাকী অন্যতম শিল্পী নাচিৰুদ্দিন শ্বাহৰ আজি 70সংখ্যক জন্মদিন ৷ তেওঁ কেৱল ছবি জগততে নহয় টেলিভিছন আৰু থিয়েটাৰ জগততো নিজৰ পাৰদৰ্শিতাৰ জৰিয়তে এক বিশেষ স্থান লাভ কৰিবলৈ সক্ষম হৈছিল ৷ তেওঁৰ কষ্ট আৰু ক্ষমতাক ছবি উদ্যোগটোৱে অভিবাদন জনায় ৷ তেতিয়াহ'লে আহক চাওঁ, ছবিজগতত তেওঁৰ বিশষত্বসমূহঃ

Birthday Special: Take a glimpse of Naseeruddin Shah's stupendous journey
জন্মদিন বিশেষঃ ছবিজগতত নাচিৰুদ্দিন শ্বাহৰ যাত্ৰা
author img

By

Published : Jul 20, 2020, 2:24 PM IST

চিটাৰা ডেস্ক,20 জুলাইঃ জানে ভি দৌ য়াৰ' , মাচুম, এ ৱেডনেস্ডে, স্পৰ্চ, ইশকিয়া, ইকবাল, মণ্ডী, জুনুন, অলবাৰ্ট পিন্ট' কৌ গুচ্চা কিয়ো আতা হে , অৰ্ধ সত্য, চৰফৰৌচ,কৰ্মা আৰু মৌহৰা হিন্দী ছবি জগতৰ যথেষ্ট উৎকৃষ্ট ছবি ৷ এই সমূহ দেখিলে আপোনাৰ এনেকুৱা লাগিব বলীউডত ছবি আৰু ছবিৰ অভিনয় যথেষ্ট উচ্চ মানদণ্ডৰ ৷ এই ছবিসমূহৰ কথা চৰ্চা কৰিবলৈ যাওঁতে আমি চৰ্চা কৰিব লাগিব ছবি সমূহত পাৰদৰ্শীতা দেখুৱাই মানুহক মন্ত্ৰমুগ্ধ কৰিবলৈ সক্ষম হোৱা প্ৰসিদ্ধ অভিনেতা নাচিৰুদ্দিন শ্বাহৰ বিষয়ে ৷ তেওঁ হিন্দী ছবি জগতৰ এগৰাকী যথেষ্ট উৎকৃষ্ট অভিনেতা ৷

Birthday Special: Take a glimpse of Naseeruddin Shah's stupendous journey
নাচিৰুদ্দিন শ্বাহ

1975 চনত শ্যাম বেনেগলৰ ছবি নিশান্তৰ জৰিয়তে হিন্দী ছবিজগতত ভৰি থৈছিল নাচিৰুদ্দিন শ্বাহ ওৰফে নাচিৰ চাহাবে ৷ 1980 চনত হাম পাঁচৰ জৰিয়তে অভিনেতাগৰাকী জড়িত হৈ পৰে মেইন ষ্ট্ৰিম ছবিৰ সৈতে ৷

ফটো সৌজন্যঃ ছ'চিয়েল মিডিয়া

মাষ্টৰ ক্লাছ অভিনেতা আৰু থিয়েটাৰ শিল্পী নাচিৰ চাহাবৰ জন্ম হৈছিল 1950চনৰ 20 জুলাইত ৷ উত্তৰ প্ৰদেশৰ বাৰাবাংকীত জন্মগ্ৰহণ কৰা অভিনেতাগৰাকীয়ে নাইনিতালৰ চেন্ট জোচেফ কলেজত অধ্যয়ন কৰিছিল আৰু ইয়াৰ পিছত আলীগড় মুছলিম ইউনিভাৰ্ছিটীৰ পৰা গ্ৰেজুৱেছন কৰিছিল ৷ গ্ৰেজুৱেছনৰ পিছত তেওঁ দিল্লীৰ নেশ্যনেল স্কুল অফ ড্ৰামাত জইন কৰিছিল ৷

ছবি আৰু টিভি জগতৰ উপৰিও মহাত্মা ভাৰ্চেজ গান্ধী, ডিয়েৰ লায়াৰ, আইনষ্টাইন, এ ৱৰ্ক ইন দ্য ৱুডছৰ বহু প্ৰসিদ্ধ থিয়েটাৰত মনত ৰাখিবলগীয়া ধৰণৰ অভিনয় কৰিছিল ৷

2006 চনত ছবি য়ে হৌতা তহ ক্য হোতা ছবিৰ জৰিয়তে ছবি পৰিচালকৰ কাম আৰম্ভ কৰে ৷ তেওঁৰ এই ছবিৰ জৰিয়তেই অভিনেত্ৰী কংকনা সেন শৰ্মা, ইৰফান খান, পৰেশ ৰাৱেল, আয়েশা টাকিয়া, ইমাদ শ্বাহ আৰু ৰৱি বাৰসানীৰ দৰে অভিনেতাই বলীউড জগতত খোপনি লাভ কৰিছিল ৷

নাচিৰুদ্দিন শ্বাহৰ যাত্ৰা

নাচিৰুদ্দিন শ্বাহে 1979 চনত স্পৰ্চ, 1985চনত পাৰ অৰ ইকবালৰ দৰে ছবিৰ বাবে নেশ্যনেল এৱাৰ্ড, মাচুম, বাজাৰ, আক্ৰোশ, চক্ৰ,স্পৰ্চ, এ ৱেডনেস্ডে ছবিৰ বেষ্ট এক্টৰ ফিল্মফেয়াৰ এৱাৰ্ড, চৰফৰৌচ, চাহত, ক্ৰিশ,মৌহৰাৰ বাবে বেষ্ট ভিলেইন ফিল্মফেয়াৰ এৱাৰ্ড লাভ কৰিছিল ৷

ভাৰত চৰকাৰে এই হিন্দী ছবিসমূহত তেওঁ আগবঢ়াই যোৱা বহুমূল্য অৱদানৰ বাবে তেওঁক পদ্মশ্ৰী আৰু পদ্মবিভূষণ সন্মানেৰে সন্মানিত কৰিছিল ৷

100তকৈও অধিক ছবি কৰা মাষ্টৰক্লাছ অভিনেতা, পৰিচালক তথা থিয়েটাৰ শিল্পীগৰাকীৰ জন্মদিনত তেওঁৰ দীৰ্ঘায়ু আৰু সুৰক্ষিত জীৱনৰ কামনা কৰি ইটিভি ভাৰতৰ তৰফৰ পৰা জনালো জন্মদিনৰ অলেখ শুভকামনা ৷

লগতে পঢ়কঃট্ৰেক্টৰ চলাই খেতি কৰাত ব্যস্ত চুপাৰষ্টাৰ চলমান খান

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.