চিটাৰা ডেস্ক, ৩১ মাৰ্চ: শীঘ্ৰেই বলীউড ছবিত অভিনয় কৰিব ছৈফ আলী খানৰ পুত্ৰ ইব্ৰাহিম আলী খানে । পুত্ৰৰ ইচ্ছাৰ প্ৰতি সঁহাৰি জনাই ছৈফেও এই ক্ষেত্ৰত ইব্ৰাহিমক উদগনি যোগাইছে । দৰাচলতে ইব্ৰাহিমে ছবি জগতত ভুমুকি মৰাৰ কথা দীৰ্ঘদিন ধৰি চৰ্চিত হৈ আছে । কিন্তু শেহতীয়াকৈ এক সূত্ৰই প্ৰকাশ কৰা মতে, ইব্ৰাহিমে প্ৰথমেই কেমেৰাৰ সৈতে মুখামুখি নহয় ।
ছবি নিৰ্মাণৰ বিষয়ে ভালদৰে বুজিবলৈ কৰণ জোহৰৰ ছবিত সহকাৰী নিৰ্দেশক হিচাপে কাম কৰিব ছৈফ আলী খান আৰু অমৃতা সিঙৰ পুত্ৰ ইব্ৰাহিম আলী খানে । এই ছবিখনৰ মুখ্য চৰিত্ৰত অভিনয় কৰিব আলিয়া ভাট আৰু ৰণবীৰ সিঙে । ২০১৯ চনত এখন মেগাজিনৰ ক'ভাৰ ফটোত ভগ্নী ছাৰা আলী খানৰ সৈতে ইব্ৰাহিমক দেখা পোৱা গৈছিল । তেতিয়াৰ পৰাই ইব্ৰাহিমে অভিনয় জগতত খোজ পেলোৱাৰ খবৰ চৰ্চিত হৈ পৰে ।
এক সাক্ষাৎকাৰত ছৈফে অভিনয় জগতলৈ পুত্ৰৰ আগমণ প্ৰসংগত কৈছিল যে, ইব্ৰাহিমে অভিনয় কৰা উচিত । ইব্ৰাহিম ছৈফতকৈও দেখিবলৈ বেছি ধুনীয়া বুলি তেওঁ প্ৰশংসা কৰে । ছৈফে কয় যে, তেওঁলোকে অভিনয়ৰ সৈতে জড়িত পৰিয়াল আৰু পৰিয়ালৰ প্ৰায় সকলো সদস্যই ছবি জগতত কাম কৰি আছে ।
লগতে পুত্ৰ ইব্ৰাহিমে ছবি জগতলৈ আহিবলৈ বিচাৰিলে তেওঁক সহায় কৰিব বুলিও ছৈফে মন্তব্য কৰে । পূৰ্বে ছাৰা আলী খানে এক সাক্ষাৎকাৰত কৈছিল যে, ইব্ৰাহিমে অভিনয়ৰ পৰা বৰ্তমান আঁতৰি আছে । কাৰণ, তেওঁ লছ এঞ্জেলছত ছবি নিৰ্মাণ বিষয়ক অধ্যয়ন কৰিবলৈ যাব ।
লগতে পঢ়ক:ফিল্মফেয়াৰ বঁটা লাভ কৰি উৎফুল্লিত আলায়া