ETV Bharat / sitara

আয়ুস্মান-বাণী অভিনীত 'চণ্ডীগড় কৰে আছিকী'ৰ দৃশ্যগ্ৰহণ ৪৮ দিনত সম্পূৰ্ণ

অভিনেতা আয়ুস্মান খুৰানা আৰু বাণী কাপুৰে ৪৮ দিনত সম্পূৰ্ণ কৰিলে 'চণ্ডীগড় কৰে আছিকী'ৰ দৃশ্যগ্ৰহণ । অভিষেক কাপুৰে নিৰ্দেশনা কৰা ছবিখনৰ দৃশ্যগ্ৰহণ চণ্ডীগড়ত হৈছিল ।

author img

By

Published : Dec 22, 2020, 6:29 PM IST

৪৮ দিনত সম্পূৰ্ণ কৰিলে 'চণ্ডীগড় কৰে আছিকী'ৰ দৃশ্যগ্ৰহণ

চিটাৰা ডেস্ক, ২২ ডিচেম্বৰ: মঙলবাৰে দৃশ্যগ্ৰহণ সম্পূৰ্ণ হ'ল অভিষেক কাপুৰে নিৰ্দেশনা কৰা আৰু আয়ুস্মান খুৰানা আৰু বাণী কাপুৰ অভিনীত 'চণ্ডীগড় কৰে আছিকী'ৰ ছবিৰ । দৃশ্যগ্ৰহণ শেষ কৰাৰ বাবে আয়োজিত আনন্দ উৎসৱৰ আলোকচিত্ৰ টুইটযোগে শ্বেয়াৰ কৰিলে ছবি নিৰ্মাতাই । এটা ৰোমাণ্টিক কাহিনীৰ আধাৰত ছবিখন নিৰ্মাণ কৰা হৈছে ।

টি ছিৰিজ আৰু গাই ইন দ্য স্কাই পিকচাৰ্ছ প্ৰডাকছনে ছবিখনৰ দৃশ্যগ্ৰহণ মহামাৰীৰ সংকট কালতো চণ্ডীগড়ত ৪৮ দিনৰ ভিতৰত সম্পূৰ্ণ কৰি তুলিছে । প্ৰডাকছন টীমে দৃশ্যগ্ৰহণ কম দিনৰ ভিতৰতে সম্পূৰ্ণ কৰাৰ খবৰ ইনষ্টাগ্ৰাম পোষ্ট যোগেও ৰাজহুৱা কৰি লিখিছে যে, 'চণ্ডীগড় কৰে আছিকী'ৰ নিৰ্দেশক অভিষেক কাপুৰ হৈছে ভাৰতীয় মূল ছবি জগতৰ এজন নিৰ্দেশক, যি মহামাৰীৰ সংক্ৰমণ অব্যাহত থকাৰ পিছতো দুমাহৰ ভিতৰত ছবিৰ দৃশ্যগ্ৰহণ শেষ কৰিবলৈ সক্ষম হৈছে ।

ছবি নিৰ্মাতাই শ্বেয়াৰ কৰা আনন্দ উৎসৱৰ আলোকচিত্ৰত চণ্ডীগড়ৰ এটা স্থানীয় ক্লাবত আয়ুস্মান, বাণী আৰু অভিষেকক কেক কাটি থকা দেখা গৈছে । আয়ুস্মানে ছবিখনত এগৰাকী এথলীটৰ চৰিত্ৰ ৰূপায়ণ কৰিছে । তেওঁৰ প্ৰেমিকাৰ চৰিত্ৰত অভিনয় কৰিছে বাণী কাপুৰে ।

'চণ্ডীগড় কৰে আছিকী'ৰ দৃশ্যগ্ৰহণ সম্পূৰ্ণ হোৱাৰ এদিন পিছতে আগন্তক হাস্যমধুৰ ছবি 'ডক্টৰ জি'ৰ কামত ব্যস্ত হৈ পৰে । আয়ুস্মানে শেহতীয়াভাৱে ইনষ্টাগ্ৰাম পোষ্টযোগে শ্বেয়াৰ কৰা এখন ফটোত তেওঁক অনুভূতি কাশ্যপে নিৰ্দেশনা কৰা ছবিখনৰ স্ক্ৰীপ্ট হাতত লৈ থকা দেখা গৈছিল ।

লগতে পঢ়ক:মাজনিশা কিয়াৰা আদৱানীলৈ বৰুণ ধৱনৰ ফোন, কিন্তু কিয় ?

For All Latest Updates

TAGGED:

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.