চিটাৰা ডেস্ক,9 জুলাইঃ বলীউড অভিনেতা আয়ুষ্মান খুৰাণাই বৰ্তমান চণ্ডীগড়ত এটা বিজ্ঞাপনৰ শ্বুটিং কৰি আছে ৷
বহুদিনৰ বিৰতিৰ অন্তত তেওঁ এনেদৰে শ্বুটিং আৰম্ভ কৰিছে বুলি জানিবলৈ দিছে ৷ আয়ুষ্মানে কয়, "শ্বুটিং চেটলৈ পুনৰ ঘূৰি আহি আৰু ইমান মাহৰ পিছত শ্বুটিং আৰম্ভ কৰি যথেষ্ট ভাল লাগিল ৷ আমি সকলো ঘৰত আছিলো আৰু পুনৰ কিবা এটা কৰিবলৈ আমি আশা কৰি আছিলো ৷"
"বস্তুবিলাক পুনৰ সাধাৰণ যেন কৰিব লাগিব আৰু সকলো আৱশ্যক সুৰক্ষা আৰু সাৱধানতাৰ সৈতে আমি সকলোৱে বাহিৰত ওলাই কাম কৰিম ৷ "
অভিনেতাগৰাকীয়ে গৃহ নগৰ চণ্ডীগড়ত পুনৰ শ্বুটিং আৰম্ভ কৰি যথেষ্ট সুখী হৈ পৰা পৰিলক্ষিত হৈছে ৷ এইখিনিতে জনাই থওঁ যে, বৰ্তমান সময়ত নিজৰ পিতৃ-মাতৃৰ সৈতে চণ্ডীগড়ত আছে অভিনেতাগৰাকী ৷ অভিনেতাগৰাকীয়ে কিছুদিন পূৰ্বে জনাইছিল যে, তেওঁলোকৰ পৰিয়ালটোৱে চণ্ডীগড়ৰ পঞ্চকুলাত এটা নতুন ঘৰ ক্ৰয় কৰিছে ৷ তেওঁলোকৰ পৰিয়ালৰ সদস্যকেইজন হ'ল, পিতৃ পি.খুৰাণা, মাতৃ পুনম, আয়ুষ্মান আৰু তেওঁৰ পত্নী তাহিৰা, দুই সন্তান, ভাতৃ অপাৰশক্তি আৰু তেওঁৰ পত্নী আকৃতি ৷
অভিনেতাগৰাকীৰ কামৰ কথালৈ চালে , কিছুদিন পূৰ্বে ডিজিটেল প্লেটফৰ্মত মুক্তি পাইছিল তেওঁৰ নতুন ছবি গুলাব' সিতাব' ৷ আগন্তুক সময়ত তেওঁ কাম কৰিব লেখক তথা নিৰ্দেশক ৰাজ চাণ্ডিল্যৰ সৈতে ৷