চিটাৰা ডেস্ক, 23 জানুৱাৰীঃ নিজৰ প্ৰতিভাৰ জৰিয়তে বলীউডত নিজৰ এক সুকীয়া স্থান অৰ্জন কৰিবলৈ সক্ষম হৈছে আয়ুষ্মান খুৰাণাই ৷ আয়ুষ্মান খুৰাণা পুনৰবাৰ আহি আছে এটা ব্যতিক্ৰমী ধৰণৰ কাহিনীলৈ ৷ সমকামিতাৰ বিষয়বস্তু সাামৰি আহি আছে আয়ুষ্মান খুৰাণাৰ নতুন ছবি শুভ মংগল জ্যাদা সাৱধান ৷
শেহতীয়াকৈ বালা অভিনেতাগৰাকীয়ে উল্লেখ কৰে যে, তেওঁ এই কথাটোক লৈ যথেষ্ট সুখী যে, আয়ুষ্মানৰ পিতৃ পি.খুৰাণা আৰু মাতৃ পুনমেও যথেষ্ট পচন্দ কৰিছে ছবিখনৰ ট্ৰেইলাৰ ৷ অভিনেতাগৰাকীয়ে জনাই যে, তেওঁৰ পিতৃ-মাতৃয়ে বহুবাৰ চাইছে ছবিখনৰ ট্ৰেইলাৰ আৰু যথেষ্ট আমোদ পাইছে ছবিখনৰ ট্ৰেইলাৰটো চায় ৷
সোমবাৰে শুভ মংগল জ্যাদা সাৱধানৰ ট্ৰেইলাৰটো মুক্তি পোৱাৰ পিছতে ছবিখনৰ চৰ্চা আৰম্ভ হৈছিল দেশজুৰি ৷ ট্ৰেইলাৰটোত 35 বছৰীয়া মাল্টিটেলেন্টেড অভিনেতা গৰাকীয়ে এগৰাকী সমকামী পুৰুষৰ চৰিত্ৰ ৰূপায়ন কৰিছে ৷ ছবিখনৰ ট্ৰেইলাৰটোৱে সূচাইছে যে, ছবিখনে কমিক আন্দাজত সমাজলৈ এক বিশেষ বাৰ্তা দিয়াৰ প্ৰয়াস কৰিব ৷
অভিনেতাগৰাকীয়ে কয়, "যেতিয়া মই মা-দেউতাক ছবিখনৰ ট্ৰেইলাৰটো দেখুৱাইছিলো, তেওঁলোকে বহুত পচন্দ কৰিছিল ৷ ছবিখনৰ ট্ৰেইলাৰটো তেওঁলোকে বাৰে বাৰে চালে আৰু বহুত হাঁহিলে ৷ মই এই কথাৰ বাবে যথেষ্ট উৎসাহৰ লগতে সুখ অনুভৱ কৰিলো কাৰণ মোৰ এনে লাগিল যে ছবিখনৰ বিষয় আৰু মোৰ চৰিত্ৰটোৱে মানুহৰ মাজত সংযোগ স্থাপন কৰিব ৷"
- " class="align-text-top noRightClick twitterSection" data="">
লগতে অভিনেতাগৰাকীয়ে কয় যে, "মই সদায় নিজৰ মা-দেউতাৰ সৈতে চিনেমাৰ বিষয়ে কথা পাতো ৷ মই যেতিয়া শুভ মংগল জ্যাদা সাৱধানৰ দৰে এখন ছবিত কাম কৰিম বুলি ঘৰত জনালো তেতিয়া ঘৰৰ মানুহে মোক যথেষ্ট সহযোগ কৰে ৷" তেওঁলোকে মোক কয় যে, "তেওঁলোকে মোৰ ওপৰত গৌৰৱ অনুভৱ কৰে যে মই এনেকুৱা এখন সামাজিক বাৰ্তা দিয়া ছবি নিৰ্বাচন কৰিছো ৷ লগতে কয়, এই ছবিখন সমগ্ৰ দেশৰ বাবে যথেষ্ট গুৰুত্বপূৰ্ণ ৷ বিশেষকৈ পিতৃ-মাতৃৰ বাবে কাৰণ এই ছবিখনে তেওঁলোকক সন্তানৰ বাবে এক ভাল পৰিৱেশ গঢ় দিয়াত সহায়ক হ'ব ৷ "
লগতে পঢ়কঃবিকী কৌশল আৰু কেটৰিণা কাঈফৰ প্ৰেমৰ বাতৰিয়ে ৰোমাঞ্চিত কৰি তুলিছে অনুৰাগীক