ETV Bharat / sitara

Mumbai cruise drug party : দুসপ্তাহৰ ন্যায়িক জিম্মাত আৰিয়ান খান - judicial custody

মুম্বাই ক্ৰুজ ড্ৰাগ পাৰ্টিৰ গোচৰত গ্ৰেপ্তাৰ হোৱা আৰিয়ান খান আৰু আন সাতজনক ১৪ দিনৰ বাবে ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হৈছে । এই ঘটনাৰ সবিশেষ আমাৰ বিশেষ প্ৰতিবেদনত ৷

aryan-khan-seven-others-send-to-14-day-judicial-custody-in-cruise-drug-party-case
Mumbai cruise drug party : দুসপ্তাহৰ ন্যায়িক জিম্মাত বাদশ্বাহ তনয়
author img

By

Published : Oct 7, 2021, 8:06 PM IST

চিটাৰা ডেস্ক, 7 অক্টোবৰ : মুম্বাই ক্ৰুজ ড্ৰাগ পাৰ্টিৰ গোচৰত গ্ৰেপ্তাৰ হোৱা বলিউদৰ বাদশ্বাহ শ্বাহৰুখ খান তনয় আৰিয়ান খান আৰু আন সাতজনক ১৪ দিনৰ বাবে ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হৈছে । ইয়াৰপূৰ্বে 7 অক্টোবৰ পৰ্যন্ত NCB ৰ জিম্মাত ৰখা হৈছিল আৰিয়ান খান আৰু তেওঁৰ সহযোগী সকলক ৷ উল্লেখ্য যে, NCB য়ে মুম্বাইৰ পৰা গোৱা অভিমুখী এখন ক্ৰুইজত নিশা চলোৱা অভিযানত জব্দ কৰিছিল বৃহৎ পৰিমাণৰ ড্ৰাগছজাতীয় সামগ্ৰী ৷ তিনিগৰাকী মহিলাসহ মুঠ 13 জনক আটক কৰা হৈছিল এই অভিযানত ৷ আটকাধীন সকলৰ মাজত আছিল বলীউড চুপাৰষ্টাৰ শ্বাহৰুখ খানৰ পুত্ৰ আৰিয়ান খান ৷

গোৱা অভিমুখী বিশেষ জাহাজখনত ড্ৰাগছৰ এটা অভিজাত পাৰ্টী চলাৰ তথ্য লাভ কৰি NCB ৰ বিষয়াই যাত্ৰীৰ ৰূপত অভিযান চলাই জাহাজখনত যাত্ৰা কৰিছিল ৷ যাত্ৰাকালতেই এই সফল অভিযান চলাই দলটোৱে ৷ কৰ্ডেলিয়া ক্ৰুইজত দেওবাৰে চলোৱা অভিযানৰ সময়ত আটক হৈছিল আৰিয়ান খানসহ আন 7 জন ৷ NCB য়ে জানিবলৈ দিয়া মতে জাহাজখন দুদিন পাচত চহৰখনলৈ উভতি আহিছিল ৷ তেতিয়াই NCB ৰ এটা দলে বন্দৰত উপস্থিত হৈ তালাচী অভিযান চলায় ৷ সমীৰ ৱানখেদেৰ নেতৃত্বত এটা দলে কৰ্ডেলিয়া ক্ৰুইজত শনিবাৰে বিয়লি এই অভিযান চলাইছিল ৷

অভিযানকালত কিছু সংখ্যক যাত্ৰীৰ পৰা ড্ৰাগছ জব্দ কৰিছিল ৷ আৰক্ষীয়ে 13 গ্ৰাম কোকেইন, 5 গ্ৰাম মেফ’ড্ৰণ, 21 গ্ৰাম হেচিছ, 22 টা এক্সটেছী টেবলেট আৰু 1.33 লাখ নগদ ধন জব্দ কৰে ৷ ক্ৰুইজ কোম্পানীয়ে এই সন্দৰ্ভত তেওঁলোকৰ কৰণীয় একো নাই বুলি মন্তব্য কৰিছে ৷ ‘‘কৰ্ডেলিয়া ক্ৰুইজৰ এই ঘটনাৰ সৈতে কোনো প্ৰত্যক্ষ বা পৰোক্ষ সম্পৰ্ক নাই ৷ কৰ্ডেলিয়া ক্ৰুইজে এই জাহাজখন দিল্লীস্থিত এটা ইভেন্ট মেনেজমেন্ট কোম্পেনীক কোনো ব্যক্তিগত অনুষ্ঠানৰ বাবে লীজত দিছিল ৷’’ এই মন্তব্য কৰিছে Waterways Leisure Tourism Pvt ৰ মুৰব্বী জুৰগেন বেলমে ৷

লগতে পঢ়ক : ৯৪ সংখ্যক অস্কাৰ বঁটা প্ৰদান অনুষ্ঠান প্ৰযোজনা কৰিব উইল পে

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.